ETV Bharat / state

২০২৬ চনৰ ভিতৰত ডিমা হাছাওত মেডিকেল কলেজ নিৰ্মাণৰ কাম আৰম্ভ হ'ব: মুখ্যমন্ত্ৰী - Election in Dimahasao

CM in Dima Hasao: আৰম্ভ হৈছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ । বৃহস্পতিবাৰে হাফলঙত নিৰ্বাচনী প্ৰচাৰত নামিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । কেইবাগৰাকীও বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে ।

CM election campaign for NCHAC
হাফলঙত নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 10:15 AM IST

হাফলঙত নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

হাফলং,৪ জানুৱাৰী: ডিমা হাছাও জিলাত ব্যাপক উন্নয়নৰ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । বৃহস্পতিবাৰে হাফলং এন এল দাওলাগাপু খেল পথাৰত হাফলং সমষ্টিৰ বিজেপি প্ৰাৰ্থী ধনপাইনন থাওচেন, হাডিংমা সমষ্টিৰ ডেভিড বাটাৰি দলং সমষ্টিৰ এছ টি জেম ৰাংখল, দিহামলাই সমষ্টিৰ নামৰাং জেমি, জাতিংগা সমষ্টিৰ ফ্লেমিং চাইলা ৰূপচীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ২৮ খন সমষ্টিত জয়যুক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাৰ হিচাপে দিয়াৰ বাবে ৰাইজক আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । নিশা নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে দেবলাল গাৰ্লোচাই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী সদস্য হ'ব বুলি বিশ্বাস প্ৰকাশ কৰে ।

ইয়াৰোপৰি উক্ত নিৰ্বাচনী সভাতে ডিমা হাছাও জিলাত এখন মেডিকেল কলেজ স্থাপন কৰা হ'ব আৰু ২০২৬ চনৰ ভিতৰত নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে । তেওঁ লগতে উল্লেখ কৰে যে মাহুৰত এখন কলেজ নিৰ্মাণ কৰাৰ উপৰিও এখন সৈনিক বিদ্যালয়ো নিৰ্মাণ কৰা হ'ব । হাফলং চহৰৰ খোৱাপানীৰ সমস্যা সমাধানৰ বাবে ইতিমধ্যে ধন মোকোলাই দিয়া হৈছে বুলি মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে লামডিং আৰু শিলচৰৰ মাজৰ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম তীব্ৰ গতিত চলি আছে । অতি শীঘ্ৰে এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব ।

আনহাতে এইবাৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি শাসনলৈ আহিলে জিলাখনৰ সার্বিক উন্নয়নৰ বাবে কেন্দ্ৰ ৰাজ্য আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদে কাম কৰি যাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । নিৰ্বাচনী সভাখনত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ বিজেপি পৰিষদত ক্ষমতালৈ আহিলে কলেজৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথি ক্ৰয় কৰাৰ বাবে ১০ হাজাৰ টকা কৰি প্ৰদান কৰা হ'ব । ইয়াৰ উপৰি কলেজৰ ছাত্ৰীসকলক স্কুটী প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়ক: বিশ্বনাথত পথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.