ডিমা হাছাও, 25 ডিচেম্বৰ : ক'ভিড-19 মহামাৰীৰ বাবে চৰকাৰী নিয়ম-নীতি আৰু স্বাস্থ্যবিধি মানি সমগ্ৰ বিশ্বৰ লগতে দেশ তথা ৰাজ্যত পালন কৰা হৈছে বৰদিন ৷ ডিমা হাছাও জিলাতো আজি আনন্দ উচাহৰ মাজেৰে পালন কৰা হয় বৰদিন ৷ সমগ্ৰ পাহাৰীয়া জিলাখন আজি উছৱমুখৰ হৈ উঠে বৰদিন উপলক্ষে ৷
![Christmas celebration at Dima Hasao](https://etvbharatimages.akamaized.net/etvbharat/prod-images/_25122020205906_2512f_1608910146_134.jpg)
হাফলঙৰ লগতে ডিমা হাছাও জিলাৰ বিভিন্ন গীৰ্জাত প্ৰাৰ্থনা অনুষ্ঠিত হয় ৷ নিশা 12 বজাত বৰদিনৰ বৃহৎ প্ৰাৰ্থনা অনুষ্ঠিত হয় হাফলং চহৰৰ বিভিন্ন গীৰ্জা ঘৰত ৷ শুকুৰবাৰে পুৱা আৰু সন্ধিয়া বিশ্ব শান্তি কামনাৰে অনুষ্ঠিত হয় প্ৰাৰ্থনা সভা ৷ ইপিনে বৰদিন উপলক্ষে হাফলং চহৰৰ বিভিন্ন গীৰ্জা বৰদিনৰ কেৰলে মুখৰিত কৰি তোলা হয় ৷
লগতে পঢ়ক : অৱশেষত কংগ্ৰেছৰ পৰা বহিস্কাৰ অজন্তা নেওগক