ডিমা হাছাও 16 আগষ্ট: দেশৰ 76 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ডিমা হাছাও জিলাত আয়োজিত হয় প্ৰীতি ফুটবল খেল(76th independence day) ৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ একাদশ বনাম জিলা উপায়ুক্ত একাদশৰ মাজত অনুষ্ঠিত হয় খেলখন ।
পাৰ্বত্য পৰিষদৰ অধ্যক্ষ একাদশ দলক নেতৃত্ব দিয়ে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই । আনহাতে জিলা উপায়ুক্ত একাদশ দলক নেতৃত্ব দিয়ে অতিৰিক্ত জিলা উপায়ুক্ত ইভন টেৰণে । স্বাধীনতা দিৱস উপলক্ষে হাফলং জিলা ক্ৰীড়া সংস্থা খেলপথাৰত সোমবাৰে নিশা আয়োজন কৰা প্ৰীতি ফুটবল খেলখনত 3-2 গলৰ ব্যৱধানত জয়লাভ কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ একাদশ দলে ।
মেচৰ শেষত জয়লাভ কৰা পাৰ্বত্য পৰিষদ দলক নেতৃত্ব দিয়া উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ হাতত ট্ৰফী তুলি দিয়ে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচা,পাৰ্বত্য পৰিষদৰ প্ৰধান সচিব টি টি দাওলাগাপু আৰু ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত নাজৰিন আহমেদে । উল্লেখযোগ্য যে, এই প্ৰীতি ফুটবল মেচখনত খেলুৱৈ হিচাবে অংশগ্ৰহণ কৰে পাৰ্বত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই।
লগতে পঢ়ক: বিৰোধী শূন্য হোৱাৰ দিশে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ