ETV Bharat / state

ডিমা হাছাও জিলাত প্ৰশাসনিক স্তৰত সাল-সলনি - Dima Hasao Administration

ডিমা হাছাওৰ নতুন জিলা উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে গুৱাহাটী উন্নয়ন বিভাগৰ যুটীয়া সচিব তথা গুৱাহাটী জল ব'ৰ্ডৰ মিছন ডাইৰেক্টৰ আৰু এইউআইআইপি ৰ প্ৰজেক্ট ডাইৰেক্টৰ পল বৰুৱাক । লগতে জিলাখনৰ আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ক্ৰমে আইপিএচ বিষয়া জয়ন্ত সিং আৰু বৰকিৰি টেৰাঙক ।

Change in Dima Hasao Administration
ডিমা হাছাও জিলাত প্ৰশাসনিক স্তৰত সাল-সলনি
author img

By

Published : May 16, 2020, 1:30 PM IST

ডিমা হাছাও,16 মেঃ ডিমা হাছাও জিলাত প্ৰশাসনিক স্তৰত সাল-সলনি । সন্তোষ হোজাই হত্যাকাণ্ডক লৈ আৰক্ষী-প্ৰশাসনৰ ভূমিকা দল সংগঠনে সন্দেহজনক বুলি মন্তব্য কৰাৰ পিছতেই ডিমা হাছাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱা, আৰক্ষী অধীক্ষক বীৰবিক্ৰম গগৈ আৰু উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাঙক বদলি কৰা হয় । ৰাজ্যৰ গৃহ বিভাগৰ নিৰ্দেশত এই সাল-সলনি কৰা হয় ।

Change in Dima Hasao Administration
উপায়ুক্ত অমিতাভ ৰাজখোৱা

উল্লেখ্য যে, ডিমা হাছাওৰ নতুন জিলা উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে গুৱাহাটী উন্নয়ন বিভাগৰ যুটীয়া সচিব তথা গুৱাহাটী জল ব'ৰ্ডৰ মিছন ডাইৰেক্টৰ আৰু এইউআইআইপি ৰ প্ৰজেক্ট ডাইৰেক্টৰ পল বৰুৱাক । লগতে জিলাখনৰ আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ক্ৰমে আইপিএচ বিষয়া জয়ন্ত সিং আৰু বৰকিৰি টেৰাঙক ।

আনহাতে, ডিমা হাছাওৰ বৰ্তমানৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব পদত নিযুক্তি দিয়াৰ লগতে আৰক্ষী অধীক্ষক বীৰবিক্ৰম গগৈক কাৰ্বি-আংলং জিলাৰ 23 নম্বৰ আইআৰ অসম আৰক্ষী বেটেলিয়নৰ কামাণ্ডেন্ট হিচাপে নিযুক্তি দিয়া হয় । সন্তোষ হোজাই হত্যাৰ অভিযোগত নাম সাঙোৰ খোৱা সূৰ্যকান্ত মৰাঙক হাইলাকান্দি জিলাৰ কাটলিচৰা 21 নম্বৰ আইআৰ অসম আৰক্ষী বেটেলিয়নৰ উপ-আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।

লগতে পঢ়ক-ওৰাঙৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত 1

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.