ডিমা হাছাও,৯ আগষ্ট : দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি ইতিমধ্যে দেশে পালন কৰি আছে আজাদী কা অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav)। আনহাতে আজাদী কা অমৃত মহোৎসৱৰ অংশস্বৰূপে দেশত আৰম্ভ হৈছে হৰ ঘৰ তিৰংগা অভিযানৰ (Har Ghar Tiranga mission in Assam)। এই অভিযানৰ বাবে ব্যাপক প্ৰস্তুতিও সম্প্ৰতি অব্যাহত আছে । হৰ ঘৰ তিৰংগা অভিযান সফল কৰাৰ উদ্দেশ্যে অসম চৰকাৰেও বিভিন্ন পদক্ষেপ লৈছে ।
সমান্তৰালকৈ শাসকীয় বিজেপিয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰিছে । অভিযান সফল কৰা আৰু সজাগতা সৃষ্টিৰ বাবে বিজেপিৰ যুৱ মৰ্চাই ঠায়ে ঠায়ে সজাগতা সভা আৰু সজাগতা ৰেলীৰ আয়োজন কৰিছে ।
এইবাৰ বিজেপি যুৱ মৰ্চাই পাহাৰীয়া জিলা ডিমা হাছাওৰ হাফলঙত এক বাইক ৰেলীৰ আয়োজন কৰে (BJYM bike rally in Dima Hasao)। শতাধিক মটৰ চাইকেলত জাতীয় পতাকা লৈ সমগ্ৰ চহৰ পৰিক্ৰমা কৰে বিজেপি যুৱ মৰ্চাৰ সদস্য সকলে । দিনৰ ১১ বজাত হাফলং জিলা বিজেপিৰ কাৰ্যালয়ৰ পৰা এই বাইক ৰেলী আৰম্ভ হৈ হাফলং চৰকাৰী বাগান হৈ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ৰোটাৰি হৈ মহাদেৱ টিলা হৈ পুনৰ হাফলং জিলা বিজেপিৰ কাৰ্যালয়ত সমাপ্ত হয় ।
এই বাইক ৰেলীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচাই ভাগ লোৱাৰ লগতে পাৰ্বত্য পৰিষদৰ কাৰ্যবাহী সদস্যসকলেও অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক :Congress rally: নলবাৰীত মধুপুৰ ব্লক কংগ্ৰেছৰ স্বাধীনতাৰ গৌৰৱময় যাত্ৰাৰ শুভাৰম্ভ