ETV Bharat / state

হাফলংত আৰম্ভ সদৌ অসম আন্তঃজিলা ওয়েট লিফটিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতা - ৰাষ্ট্ৰীয় পৰ্যায়

হাফলঙত আৰম্ভ 48 সংখ্যক সদৌ অসম আন্তঃজিলা ওয়েট লিফটিং চেম্পিয়নশ্বিপ ৷ দেওবাৰৰ পৰা 29 ডিচেম্বৰলৈকে চলিব এই প্ৰতিযোগিতা । এই প্ৰতিযোগিতাৰ পৰাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ওয়েট লিফটিং চেম্পিয়নশ্বিপ বাবে ৰাজ্যৰ দল বাছনি কৰা হ'ব ।

assam-inter-district-weightlifting-championship-kicks-off-in-haflong
হাফলংত আৰম্ভ সদৌ অসম আন্তঃজিলা ওয়েট লিফটিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতা
author img

By

Published : Dec 27, 2020, 6:35 PM IST

ডিমা হাছাও, 27 ডিচেম্বৰ : হাফলঙত আৰম্ভ 48 সংখ্যক সদৌ অসম আন্তঃজিলা ওয়েট লিফটিং চেম্পিয়নশ্বিপ ৷ দেওবাৰে হাফলং পুথিভঁৰাল প্ৰেক্ষাগৃহত পতাকা উত্তোলন কৰি চেম্পিয়নশ্বীপ উদ্বোধন কৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ সচিব তথা ডিমা হাছাও জিলা ক্ৰীড়া সংস্থাৰ সাধাৰণ সচিব টি টি দাওলাগাপু আৰু অসম ওয়েট লিফটিং এছোচিয়েচনৰ উপ-সভাপতি হৃষীকেশ উপধ্যায়ে ।

হাফলংত আৰম্ভ সদৌ অসম আন্তঃজিলা ওয়েট লিফটিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতা

ৰাতিপুৱা 11 বজাৰ পৰা আৰম্ভ হয় জুনিয়ৰ অনুৰ্দ্ধ 17 বয়েজ আৰু গাৰ্লছ অনুৰ্দ্ধ 20 বয়েজ আৰু গাৰ্লছ চিনিয়ৰ পুৰুষ আৰু মহিলা কেটেগৰীৰ ওয়েট লিফটিং প্ৰতিযোগিতা । দেওবাৰৰ পৰা 29 ডিচেম্বৰলৈকে চলিব এই প্ৰতিযোগিতা । এই প্ৰতিযোগিতাৰ পৰাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ওয়েট লিফটিং চেম্পিয়নশ্বিপ বাবে ৰাজ্যৰ দল বাছনি কৰা হ'ব ।

উল্লেখযোগ্য যে, অসম ওয়েট লিফটিং এছোচিয়েচন সহযোগত আৰু হাফলং বডী বিল্ডিং ওয়েট লিফটিং ক্লাৱৰ উদ্যোগত প্ৰথমবাৰৰ বাবে 48 সংখ্যক সদৌ অসম আন্তঃজিলা ওয়েট লিফটিং চেম্পিয়নশ্বিপৰ আয়োজন কৰা হয় । প্ৰতিযোগিতাত উপস্থিত থাকে অসম ওয়েট লিফটিং এছোচিয়েচনৰ সাধাৰণ সচিব তথা অসম অলিম্পিক এছোচিয়েচনৰ সহ সচিব ভৱজ্যোতি গোস্বামী ।

লগতে পঢ়ক : কংগ্ৰেছে নিজস্ব ধৰ্মনিৰপেক্ষতা প্ৰমাণ কৰক : দেৱেগৌড়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.