ETV Bharat / state

হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভূমিস্খলন: আৱদ্ধ শ-শ যান বাহন

author img

By

Published : Jun 13, 2022, 3:27 PM IST

Updated : Jun 13, 2022, 3:44 PM IST

সোমবাৰে পুৱাৰে পৰা পুনৰ বন্ধ হৈ পৰে শিলচৰ-হাফলং ৰাষ্ট্ৰীয় ঘাইপথ । শিলচৰ-হাফলং ৰাষ্ট্ৰীয় ঘাইপথৰ হাৰেংগাজাও দলৈচুঙা আৰু দিমৰুচৰাত হোৱা ভূমিস্খলনৰ বাবে এই ৰাষ্ট্ৰীয় ঘাইপথটো পুনৰ বন্ধ হৈ পৰে । ৰাষ্ট্ৰীয় ঘাইপথটোৰ এই অংশটো ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰাৰ বাবে শিলচৰ-হাফলং পথৰ দুয়ো কাষত শতাধিক যানবাহন আবদ্ধ হৈ পৰিছে আজি পুৱাৰে পৰা ।

হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভূমিস্খলন: আৱদ্ধ শ-শ যান বাহন
হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভূমিস্খলন: আৱদ্ধ শ-শ যান বাহন

ডিমা হাছাও, 13 জুন: মাত্ৰ কেইদিনমানৰ পূৰ্বে ভয়ংকৰ দূৰ্যোগৰ কৱলত পৰি একপ্ৰকাৰ বিধ্বস্ত হৈ পৰা প্ৰকৃতিৰ ৰাণী ডিমা হাছাও পুনৰ প্ৰকৃতিৰ ৰোষত পৰিছে ৷ কিয়নো দেওবাৰ নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ভূমিস্খলন আৰম্ভ হৈছে ডিমা হাছাওত ৷ যোৱা নিশা হোৱা প্ৰৱল বৰষুণৰ ফলত শিলচৰ-হাফলং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন সংগঠিত আৰম্ভ হয় (Landslide again in Haflong Silchar Road) ।

যাৰ ফলত সোমবাৰে পুৱাৰে পৰা পুনৰ বন্ধ হৈ পৰে শিলচৰ-হাফলং ৰাষ্ট্ৰীয় ঘাইপথ । শিলচৰ-হাফলং ৰাষ্ট্ৰীয় ঘাইপথৰ হাৰেংগাজাও দলৈচুঙা আৰু দিমৰুচৰাত হোৱা ভূমিস্খলনৰ বাবে এই ৰাষ্ট্ৰীয় ঘাইপথটো পুনৰ বন্ধ হৈ পৰে । নক'লেও হ'ব যে ৰাষ্ট্ৰীয় ঘাইপথটোৰ এই অংশটো ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰাৰ বাবে শিলচৰ-হাফলং পথৰ দুয়ো কাষত শতাধিক যানবাহন আবদ্ধ হৈ পৰিছে আজি পুৱাৰে পৰা ।

এতিয়ালৈকে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথটো সুচল কৰি তোলাৰ বাবে কোনো ব্যৱস্থা লোৱা নোলোৱাৰ অভিযোগ উঠিছে । উপায়ন্তৰ হৈ ভূমিস্খলনৰ পিচতে স্থানীয় ৰাইজে পথটো মুকলি কৰাৰ বাবে চেষ্টা চলাই আছে । উল্লেখ্য যে মাত্ৰ কেইটামান দিনৰ পূৰ্বে ভূমিস্খলনত বিধ্বস্ত হৈ পৰিছিল হাফলং ৰেলৱে ষ্টেছনকে আদি কৰি পাহাৰীয়া জিলাখনৰ বিস্তীৰ্ণ অঞ্চল ৷ যিসমূহ অঞ্চল পুনৰ আগৰ দৰে স্বাভাৱিক কৰি তুলিবলৈ প্ৰয়োজন হ'ব দীঘলীয়া সময় আৰু পুঁজিৰ ৷

লগতে পঢ়ক: "মই সাভাৰকাৰ নহয়, মই ৰাহুল গান্ধী": ED কাৰ্যালয়ত উপস্থিত ৰাহুল গান্ধী

Last Updated : Jun 13, 2022, 3:44 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.