ETV Bharat / state

Accident at Halflong: হাফলঙত পথ দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত তিনি

author img

By

Published : Oct 15, 2022, 8:12 PM IST

ডিমা হাছাওৰ হাফলঙত পথ দুৰ্ঘটনাত তিনিগৰাকী (Accident in Dima Hasao)গুৰুতৰ ভাবে আহত হয় । পিছত স্থানীয় লোকে আহত তিনিগৰাকী লোকক উদ্ধাৰ কৰি হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

Accident at Halflong
হাফলঙত পথ দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত তিনি

ডিমা হাছাও, ১৫ অক্টোবৰ: ডিমা হাছাও জিলা সদৰ হাফলঙত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা (Accident at Halflong) । উক্ত দুৰ্ঘটনাত তিনিগৰাকী লোক গুৰুতৰ ভাবে আহত হয় । শনিবাৰে সন্ধিয়া ৬ বজাত হাফলং চহৰৰ অসম ৱেল পেট্ৰ'ল পাম্পৰ ওচৰতে এই দুৰ্ঘটনাটো সংঘটিত হয় । এখন এল্টো বাহনৰ লগত অটোৰে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ।

হাফলং মহাদেৱ টিলাৰ পৰা এখন অটোৱে তিনিগৰাকী যাত্ৰী কঢ়িয়াই হাফলং চহৰ অভিমুখে অহাৰ সময়তে বিপৰীত দিশৰ পৰা অহা এখন এল্টো বাহনে তীব্ৰ বেগেৰে আহি অটোখনত খুন্দিওৱাত দুৰ্ঘটনাটো সংঘটিত হয় । এই দুৰ্ঘটনাটোত অটোখনৰ চালক আৰু দুগৰাকী যাত্ৰী গুৰুতৰ ভাবে আহত হয় । পিছত যানবাহন আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হয় যদিও তাৰ আগতে স্থানীয় লোকে আহত তিনিগৰাকী লোকক উদ্ধাৰ কৰি হাফলং অসামৰিক চিকিৎসালয়লৈ (Haflong Civil Hospital) প্ৰেৰণ কৰে ।

লগতে পঢ়ক:Guwahati suicide case: খিৰিকীত চীপ লৈ আত্মহত্যা সহকাৰী সঞ্চালক বিপুল কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.