ডিমা হাছাও 21 জানুৱাৰী: 100 বছৰীয়া হ’ল অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ ডাৱডিংক্ৰ গাঁওখন ৷ কিন্তু 100 বছৰ পূৰ্ণ কৰা এই গাওঁখনত নাই এটা সংযোগী পথ । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ হামৰি নিৰ্বাচন কেন্দ্ৰৰ অধীনত থকা এই গাঁওখন স্থাপিত হৈছিল 1021 চনৰ 21 জানুৱাৰীত । 2021 চনৰ 20 জানুৱাৰী এই গাঁওখনে পূৰ্ণ কৰিলে 100 বছৰ ।
বুধবাৰে ডাৱডিংক্ৰ গাঁৱৰ 100 বছৰ সম্পূৰ্ণ হোৱাৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচা মুখ্য অতিথি হিচাবে উপস্থিত হৈ গাঁও খনত থকা পকী ৰাস্তা নিৰ্মাণৰ এক আধাৰশিলা স্থাপন কৰে ।
অনুষ্ঠানত উপস্থিত থাকি তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, প্ৰধানমন্ত্ৰীৰ বিশেষ পেকেজৰ পৰা এই গাঁওখনৰ সংযোগী 7 কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে 2 কোটি টকা মোকোলাই দিয়া হৈছে । আনহাতে এই পথ নিৰ্মাণৰ বাবে লোৱা প্ৰচেষ্টাক গাঁৱৰ বাসিন্দা সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰিছে ৷
লগতে পঢ়ক: অসহনীয় ! এটা দুৰ্ঘটনাই চূৰমাৰ কৰি দিয়ে একোখনকৈ ঘৰ