ETV Bharat / state

মৰ্মান্তিকঃ কন্যাক মাছ আনি দিব নোৱাৰি আত্মহত্যা পিতৃৰ - A man commits suicide at haflong due to Lockdown assam etv bharat news

এফালে দুবেলা দুমুঠি আহাৰ যোগাৰ কৰিব নোৱাৰাৰ চিন্তা আৰু আনফালে কণমানি কন্যাৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰাৰ দুখত অৱশেষত আত্মহত্যাৰ দৰে পথ বাছি লয় ব্যক্তিজনে ৷

A man commits suicide at haflong due to Lockdown
লক ডাউনৰ বাবে উপায়হীন হৈ হাফলঙত এজনৰ আত্মহত্যা
author img

By

Published : Apr 28, 2020, 1:59 PM IST

Updated : Apr 28, 2020, 5:53 PM IST

ডিমা হাছাও, 27 এপ্ৰিল: লক ডাউনে জুৰুলা কৰিছে দেশৰ লগতে ৰাজ্যৰ হাজাৰ হাজাৰ দৰিদ্ৰ পৰিয়ালক ৷ অভাৱগ্ৰস্ত পৰিয়াল সমূহক একাংশ লোকে সহায়ৰ হাত আগবঢ়াইছে যদিও তাৰ মাজতে সেই সামান্য সহায়ৰ পৰাও বঞ্চিত হৈছে বহু পৰিয়াল ৷ যাৰ বাবে ভোকে পিয়াহে হাহাকাৰ অৱস্থা পাৰ কৰিব লগীয়া হৈছে ৰাজ্যৰ বহু পৰিয়ালে ৷ এই অভাৱনীয় পৰিস্থিতিত দিশহাৰা হৈ সোমবাৰে আত্মহত্যাৰ পথ বাছি ললে হাফলঙৰ এগৰাকী ব্যক্তিয়ে ৷ লক ডাউনৰ সময়ছোৱাত কোনো ফালেই পৰিয়ালৰ বাবে দুবেলা দুমুঠি আহাৰ যোগাৰ কৰিব নোৱাৰাৰ বাবেই ব্যক্তিজনে এই পথ বাছি লোৱা বুলি প্ৰকাশ কৰে তেখেতৰ পত্নীয়ে ৷

মৰ্মান্তিকঃ কন্যাক মাছ আনি দিব নোৱাৰি আত্মহত্যা পিতৃৰ

উল্লেখ্য যে বিগত কেইবাদিন ধৰি তীব্ৰ খাদ্য সংকটত পৰিছিল আত্মহত্যাৰ পথ বাছি লোৱা নবী হুছেইনৰ পৰিয়ালটো ৷ তাৰ মাজতেই তেওঁৰ কণমানী কন্যাই বিচাৰিছিল মাছ খাবলৈ ৷ এফালে দুবেলা দুমুঠি আহাৰ যোগাৰ কৰিব নোৱাৰাৰ চিন্তা আৰু আনফালে কণমানি কন্যাৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰাৰ দুখত অৱশেষত আত্মহত্যাৰ দৰে পথ বাছি লয় বুলি জনালে নবী হুছেইনৰ পত্নীয়ে ৷

লগতে পঢ়কঃ ৰঙিয়াৰ ডিমুত বিদ্যুতৰ মাচুল সংগ্ৰহৰ নামত লক ডাউন উলংঘা

Last Updated : Apr 28, 2020, 5:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.