ETV Bharat / state

উগ্ৰপন্থী সংগঠনৰ ধন দাবীৰ পত্ৰ পাই কাম বন্ধ কৰিলে এটা নিৰ্মাণ সংস্থাই - PMGYS আঁচনিৰ অধিনত পথ নিৰ্মাণ

উগ্ৰপন্থী সংগঠনৰ পৰা ধন দাবীৰ পত্ৰ পাই PMGYS আঁচনিৰ অধিনত পথ নিৰ্মাণৰ কাম মাজতেই সামৰিলে এইচপিএছআৰ জয়েণ্ট ভেঞ্চাৰ নামৰ নিৰ্মাণ সংস্থাই । ডিমা হাছাও জিলাৰ ডিডিৰোডৰ পৰা পালাইফাহাডি গাঁৱলৈকে PMGYSৰ অধীনত সংযোগী পথ আৰু দিয়ুং নদীৰ ওপৰত দুখন কৈ আৰচিচি দলং নিৰ্মাণৰ 2019 চনৰ 4 ফেব্ৰুৱাৰীত দায়িত্ব লাভ কৰিছিল সংস্থাটোৱে ৷

getting a letter of money demand from extremist organizations
উগ্ৰপন্থী সংগঠনৰ ধন দাবীৰ পত্ৰ পাই কাম বন্ধ কৰিলে এটা নিৰ্মাণ সংস্থাই
author img

By

Published : Dec 24, 2020, 10:54 AM IST

ডিমা হাছাও, 24 ডিচেম্বৰ : ডিমা হাছাও জিলাত উগ্ৰপন্থী সংগঠনৰ পৰা ধন দাবীৰ পত্ৰ পাই PMGYS আঁচনিৰ অধিনত পথ নিৰ্মাণৰ কাম মাজতেই সমৰিলে এইচপিএছআৰ জয়েণ্ট ভেঞ্চাৰ নামৰ নিৰ্মাণ সংস্থাই । উল্লেখ্য যে, ডিমা হাছাও জিলাৰ ডিডিৰোডৰ পৰা পালাইফাহাডি গাঁৱলৈকে PMGYS ৰ অধীনত সংযোগী পথ আৰু দিয়ুং নদীৰ ওপৰত দুখন কৈ আৰচিচি দলং নিৰ্মাণৰ 2019 চনৰ 4 ফেব্ৰুৱাৰীত দায়িত্ব লাভ কৰিছিল সংস্থাটোৱে ৷

উগ্ৰপন্থী সংগঠনৰ ধন দাবীৰ পত্ৰ পাই কাম বন্ধ কৰিলে এটা নিৰ্মাণ সংস্থাই

পথ নিৰ্মাণৰ কাম 30 শতাংশ শেষ হোৱাৰ পূৰ্বেই মুঠ 13 কোটি টকা ব্যয়ত নিৰ্মিত এই পথ আৰু দলং নিৰ্মাণৰ কামৰ 15 শতাংশ ধন দাবী উগ্ৰপন্থী সংগঠনেল৷ ইয়াৰ পিচতেই কাম বন্ধ কৰি প্ৰকল্প স্থলীৰ পৰা সকলো যন্ত্ৰপাতি লৈ পলাই যায় নিৰ্মান সংস্থাটো ৷

গড়কপ্তানী কাৰ্যনিৰ্বাহ অভিযন্তা যোগমহন বড়োয়েন এই সন্দৰ্ভত কয়, প্ৰথমে এই প্ৰজেক্টৰ বাবে মুঠ 13 কোটি টকা মোকোলাই দিয়া হৈছিল আৰু 30 শতাংশ পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিচত 3 কোটি 11 লাখ টকাৰ বিল মোকোলাই দিয়ে গৰকপ্তানী বিভাগে ৷ বৰ্তমান কভিড-19 ৰ বাবে প্ৰায় 7 মাহ ধৰি কাম বন্ধ আছিল এতিয়া উগ্ৰপন্থীৰ সংগঠনৰ ফালৰ পৰা ধন দাবীৰ অজুহাতত নিৰ্মাণ সংস্থাটোৱে কাম বন্ধ কৰি দিছে বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে জগমোহন বড়োৱে ।

লগতে পঢ়ক:তেলেগু ভাষাক পশ্চিমবংগৰ চৰকাৰী ভাষাৰ তালিকাত অন্তৰ্ভুক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.