হাফলং, 15 আগষ্ট: হাফলং জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত আজি 76 সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠান আয়োজন কৰা হয়(76th years of Independence day) ৷ অনুষ্ঠানত পোনপ্ৰথমে ভাৰতৰ স্বাধীনতা আন্দোলনত আত্মবলিদান দিয়া স্বাধীনতা সংগ্ৰামীসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ ৰাতিপুৱা 9 বজাত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে স্বাধীনতা দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থকা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই ।
76 সংখ্যক স্বাধীনতা দিৱসৰ এই অনুষ্ঠানৰ কুচকাৱাজত অংশ গ্ৰহণ কৰে পঞ্চম অসম আৰক্ষী, বেটেলিয়ান, গৃহৰক্ষী বাহিনীৰ জোৱান, হাফলং চৰকাৰী মহাবিদ্যালয়ৰ এনচিচি শিক্ষাৰ্থীৰ লগতে বিভিন্ন বিদ্যালয়ৰ স্কাউট গাইডে । স্বাধীনতা দিৱসৰ অন্যান্য কাৰ্যসূচীৰ লগতে আজিৰ কাৰ্যসূচীৰ মুখ্য আকৰ্ষণ আছিল ডিমা হাছাও জিলাত বসবাস কৰা 14 টা জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰ পৰিধানেৰে প্ৰদৰ্শন কৰা লোকনৃত্য(Folk dances performed in traditional costumes Dima Hasao) ।
স্বাধীনতা দিৱসৰ অনুষ্ঠানটিত উপস্থিত আছিল উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচা, জিলা উপায়ুক্ত নাজৰিন আহমেদ, আৰক্ষী অধীক্ষক ময়ঙ্ক কুমাৰ, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ সমূহ কাৰ্যবাহী সদস্যৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ উচ্চ পদস্থ বিষয়াসকল । ইপিনে মাইবাং মহকুমা প্ৰশাসনৰ উদ্যোগত মাইবাং খেলপথাৰতো স্বাধীনতা দিৱসটি বিভিন্ন কাৰ্যসূচীৰে উলহ-মালহেৰে পালন কৰা হয় ।
লগতে পঢ়ক: এনচিপি নেতা নৱাব মালিকৰ বিৰুদ্ধে গোচৰ সমীৰ ৱাংখেড়েৰ