ETV Bharat / state

ডিমা হাছাও জিলাত 35 গৰাকী শিশু ক'ভিডত আক্ৰান্ত

অসমৰ আন কেইবাখনো জিলাৰ লগতে পাহাৰীয়া জিলা ডিমা হাছাওত ক'ভিডে ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ শেহতীয়াকৈ জিলাখনত এক সপ্তাহৰ ভিতৰত 35 গৰাকী শিশু ক'ভিডত আক্ৰান্ত হোৱাৰ তথ্য স্বাস্থ্য বিভাগে ৰাজহুৱা কৰাৰ পাছতে শংকিত হৈ পৰিছে জিলাবাসী ৷

35-children-found-covid-19-positive-at-dima-hasao
ডিমা হাছাও জিলাত 35 গৰাকী শিশু ক'ভিডত আক্ৰান্ত
author img

By

Published : Jul 22, 2021, 10:47 PM IST

ডিমা হাচাও,22 জুলাই: সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে ক'ভিডৰ সংহাৰী ৰূপ ৷ ৰাজ্যৰ আন কেইবাখনো জিলাৰ লগতে ডিমা হাচাওটো অব্যাহত আছে ক'ভিডৰ সংক্ৰমণ ৷ শেহতীয়াকৈ জিলাখনত পুনৰ নতুনকৈ 35 গৰাকী শিশু ক'ভিডত আক্ৰান্ত হোৱাৰ খবৰ পোৰহলৈ আহিছে ৷ যোৱা এক সপ্তাহৰ পৰা ডিমা হাছাও জিলাত উদ্বেগ জনক ভাবে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

উল্লেখ্য যে,স্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে,যোৱা এটা সপ্তাহত অসমৰ অন্যতম পাহাৰীয়া জিলা খন ডিমা হাচাওত 35 গৰাকীকৈ শিশু ক'ভিডত আক্ৰান্ত হৈছে ৷ এই আক্ৰান্ত সকল 4 মাহৰ শিশুৰ পৰা আৰম্ভ কৰি 18 বছৰৰ তলৰ বুলি জানিবলৈ দিছে স্বাস্থ্য বিভাগে ৷ যোৱা 15 জুলাইৰ পৰা 21 জুলাইলৈকে এই 35 গৰাকী শিশুৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷ বুধবাৰৰ দিনটোত জিলাখনত এটি 4 মহীয়া শিশু সহ মুঠ 10 গৰাকী শিশু ক'ভিডত আক্ৰান্ত হৈছে ৷ত

অতি লক্ষণীয় ভাৱে, শেহতীয়াকৈ ডিমা হাছাও জিলাত ক'ভিডৰ সংক্ৰমণ ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছিল যদিও যোৱা এটা সপ্তাহত উদ্বেগ জনক ভাবে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ ৰাজ্যৰ 27 খন জিলাৰ লগতে ডিমা হাছাও জিলাতো সান্ধ্য আইন কিছু পৰিমানে শিথিল কৰি দিয়াৰ বাবেই এইদৰে ক'ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে একাংশ সচেতন লোকে ৷

উল্লেখ্য যে, প্ৰশাসনৰ নিৰ্দেশনাৰ জড়িয়তে শেহতীয়াকৈ জিলাখনত বিয়লি 4 বজালৈকে দোকান-পোহাৰ তথা বজাৰ সমূহ খোলা ৰখাৰ অনুমতি প্ৰদান কৰা হৈছিল ৷ লগতে বিয়লি 5 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ সান্ধ্য আইন বলবৎ কৰা হৈছে ৷ ইয়াৰ মাজতে বুধবাৰৰ দিনটোত পাহাৰীয়া জিলা খনত ক'ভিডত আক্ৰান্তৰ হাৰ হৈছে 8.48 শতাংশ আৰু যোৱা এটা সপ্তাহৰ ক'ভিডত আক্ৰান্তৰ হাৰ হৈছে 4.72 শতাংশ বুলি জানিবলৈ দিছে জিলাৰ স্বাস্থ্য বিভাগে ৷ যোৱা এটা সপ্তাহত ডিমা হাছাওত 35 গৰাকী শিশু নতুনকৈ ক'ভিডত আক্ৰান্ত হোৱাৰ ঘটনাক লৈ স্বাস্থ্য বিভাগ চিন্তিত হৈ পৰিছে ৷

লগতে পঢ়কঃ দাবী কৰা ধন নিবলৈ আহি গুলীবিদ্ধ আলফা সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.