শিলচৰ, ৬ ছেপ্টেম্বৰ : শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত বিমান যাত্ৰীৰ অভব্য আচৰণ । বিমান উৰিবলৈ ওলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰত বাধা দিয়াত বিমান পৰিচাৰিকাক কৰে দুৰ্ব্যৱহাৰ ৷ এই অভিযোগত বিমানখন উৰা মৰাৰ কেইমিনিটমান পূৰ্বে বিমানৰ পৰা নমাই দিয়া হয় ১০ গৰাকীকৈ যাত্ৰীক ৷ ঘটনাটো ঘটিছে এইখন অসমৰে শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰত ৷
ঘটনাটোত জড়িত আছে শিলচৰ কৈৱৰ্ত পৰিষদৰ নেতা সুজিত দাস চৌধুৰীসহ তেওঁৰ ১০ জন সংগী । শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত শিলচৰ-কলকাতা Alliance Airlines-ৰ বিমানত সংঘটিত হৈছে এই ঘটনাটো । জানিব পৰা মতে, শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত মঙলবাৰে শিলচৰ-কলকাতাৰ Alliance Airlines-ৰ এখন বিমান উৰা মৰাৰ সময়ত নিয়ম অনুযায়ী সকলো যাত্ৰীক মোবাইল ফোন বন্ধ কৰাৰ নিৰ্দেশ দিয়া হয় ।
কিন্তু এজন যাত্ৰীয়ে এই নিৰ্দেশক অমান্য কৰি বিমান উৰা মৰাৰ সময়ত মোবাইল ফোনত কথা পাতি আছিল । যাত্ৰীজন হৈছে শিলচৰ কৈৱৰ্ত পৰিষদৰ নেতা সুজিত দাস চৌধুৰী । সুজিত দাসৰ এনে কাণ্ড দেখি বিমানত থকা বিমান পৰিচাৰিকাই বাধা দিয়াত সুজিত দাস চৌধুৰীয়ে বিমান পৰিচাৰিকাৰ লগত দুৰ্ব্যৱহাৰ কৰা আৰম্ভ কৰে ।
তেতিয়াই বিমানখনৰ কেপ্টেইন নিজৰ কক্ষৰ পৰা ওলাই আহি সুজিত দাস চৌধুৰীক বিমানৰ আইন ভংগৰ লগতে এয়াৰহোষ্টেজৰ লগত দুৰ্ব্যৱহাৰ কৰাৰ বাবে Disruptive passenger ঘোষণা কৰি বিমানৰ পৰা নমাই দিয়ে ৷ আনহাতে, সুজিতক নমাই দিয়াৰ পিছতে বিমানত থকা তেওঁৰ ১০ গৰাকী সংগীও বিমানখনৰ পৰা নামি যায় । এই ঘটনাৰ পাছত কুম্ভীৰগ্ৰাম বিমানবন্দৰ কৰ্তৃপক্ষই আৰক্ষীক খবৰ দি কৈৱৰ্ত পৰিষদৰ নেতা সুজিতসহ তেওঁৰ ১০ সংগীক আৰক্ষীৰ হাতত চমজাই দিয়ে ।
Alliance Airlines-ৰ বিমানত সংঘটিত এই ঘটনা লৈ মঙলবাৰে শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত এক চাঞ্চল্যৰ সৃষ্টি হয় । উল্লেখ্য যে শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত এনে ঘটনা প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে ৷
লগতে পঢ়ক :Terrible Road Accident: তিনিচুকীয়াৰ বৰ ডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত 7 গৰাকী