ETV Bharat / state

Tengakhat Rural Tourism Fair: জুবিন গাৰ্গে উদ্বোধন কৰিলে নিজৰ নামত উৎসৰ্গিত পথ

author img

By

Published : Jan 7, 2023, 2:11 PM IST

ডিব্ৰুগড় জিলাৰ টেঙাখাতত জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰা পথ উদ্বোধন (Zubin Garg road inaugurated at Tengakhat)। জনপ্ৰিয় শিল্পীগৰাকীয়ে উদ্বোধন কৰে নিজৰ নামত নিৰ্মিত উক্ত পথটো ।

engakhat Rural Tourism Fair in Dibrugarh
টেঙাখাত গ্ৰাম্য পৰ্য্যটন মেলা
টেঙাখাত গ্ৰাম্য পৰ্য্যটন মেলা

মৰাণ, ৭ জানুৱাৰী: ডিব্ৰুগড় জিলাৰ টেঙাখাত ন-খঙীয়া গাঁও সুৰক্ষা উন্নয়ন সমিতিৰ উদ্যোগত তথা টেঙাখাতবাসী ৰাইজৰ সহযোগত শুক্ৰবাৰৰ পৰা তিনিদিনীয়াকৈ ন-খঙীয়া বীৰ লাচিত বৰফুকন খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে টেঙাখাত গ্ৰাম্য পৰ্য্যটন মেলা আৰম্ভ হৈছে (Tengakhat Rural Tourism Fair in Dibrugarh)। প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা মেলা তথা খেল পথাৰৰ মূল প্ৰৱেশ পথত বিধায়ক পুঁজিৰে নিৰ্মাণ কৰা তোৰণ মুকলি কৰে স্থানীয় বিধায়ক তেৰছ গোৱালাই (Main Gate inaugurated by MLA Teras Gowala)।

কাৰ্যসূচী অনুসৰি টেঙাখাত মহাবিদ্যালয়ৰ এন চি চি কেডেটৰ অভিবাদন গ্ৰহণ কৰি পতাকা উত্তোলন কৰে পৰ্যটন মেলাৰ সভাপতি লক্ষীনাথ শৰ্মা আৰু গাঁও সুৰক্ষা উন্নয়ন সমিতিৰ সভাপতি প্ৰবীন চেতিয়াই (Tengakhat College)। আনহাতে,স্মৃতি তৰ্পণ কৰে উদ্‌যাপন সমিতিৰ যুটীয়া সম্পাদক ৰাজীৱ সিংহ বড়াই ৷ ইয়াৰ পিছতে টেঙাখাতৰ শতাধিক বিশিষ্ট ব্যক্তিক ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷ এই উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰে জিলা পৰিষদৰ সভানেত্ৰী ডেইজী ৰাণী ফুকন শ্যামে ।

ইপিনে,সন্ধিয়া জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে ন-খঙীয়া গাঁৱত উপস্থিত হোৱাৰ পিছতেই সহস্ৰাধিক লোকে গায়ন-বায়ন, বিহু নাচ,ঝুমুৰ নৃত্য পৰিবেশন কৰি আদৰণি জনায় । ইয়াৰ পিছতে তেওঁৰ নামেৰে নামকৰণ কৰা এটি পথ উদ্বোধন কৰে (Zubin Garg inaugurated road at Tengakhat) । উক্ত পথটো উদ্বোধন কৰাৰ পিছত শিল্পীগৰাকীক পৰ্যটন মেলাৰ যুটীয়া সম্পাদক শৰৎ কোঁৱৰে আঁতধৰা এক অনুষ্ঠানত অভিনন্দন পত্ৰৰ লগতে বিভিন্ন দল-সংগঠনে তেওঁক ৰাজহুৱাকৈ সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।

সম্বৰ্দ্ধনা গ্ৰহণ কৰি জুবিন গাৰ্গে কয় যে, এটা পথ তেওঁৰ নামত দিছে যদিও এই পথটোৰ এটা উদ্দেশ্য থাকিব লাগিব ৷ এনেয়ে তেওঁৰ নামত এটা পথৰ নাম দিলেই নহ'ব ৷ এই পথটোৰে যিসকল যাব সেইসকলে ভাল কাম কৰিব লাগিব ৷ তেওঁ পুনৰ কয় যে এই পথেৰে যিমান ল'ৰা-ছোৱালী যাব সেইসকল ডাঙৰ মানুহ হ'ব লাগিব । ৰাইজৰ অনুৰোধ মৰ্মে শিল্পী গৰাকীয়ে দিপালী বৰঠাকুৰৰ স্মৃতিত লিখা এটি নতুন গীত পৰিবেশন কৰে ৷ আনহাতে, এই অনুষ্ঠানটোত উপস্থিত থকা বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু শিল্পীকো ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷ নিশা কেইবাগৰাকী জনপ্ৰিয় কণ্ঠ শিল্পীয়ে গীত পৰিবেশন কৰাৰ লগতে স্থানীয় শিল্পীসকলে জনগোষ্ঠীয় নৃত্য-গীত আৰু হুঁচৰি পৰিবেশন কৰে ৷

লগতে পঢ়ক:City buses seized by transport department: ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি চিটি বাছ চালক, হেণ্ডিমেনৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.