ETV Bharat / state

জুবিন গাৰ্গৰ নতুন পৰিকল্পনা

author img

By

Published : Dec 9, 2019, 8:30 AM IST

জৈৱ বৈচিত্ৰৰে চহকী অসমৰ এখনো অৰণ্য বাদ নপৰাকৈ, সৰু-ডাঙৰ সকলো অৰণ্যক সাঙুৰি এক তথ্যচিত্ৰ নিৰ্মাণৰ বাবে সাজু হৈছে জুবিন গাৰ্গ ৷ অসমৰ জৈৱ বৈচিত্ৰক বিশ্বৰ বুকুত পৰিচয় দিয়াৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷

অসমৰ বনাঞ্চলসমূহক বিশ্বৰ বুকুত চিনাকি কৰি দিয়াৰ পৰিকল্পনা
অসমৰ বনাঞ্চলসমূহক বিশ্বৰ বুকুত চিনাকি কৰি দিয়াৰ পৰিকল্পনা

ডিব্ৰুগড়, 9 ডিচেম্বৰ: অসমৰ বনাঞ্চলসমূহক বিশ্বৰ বুকুত চিনাকি কৰি দিয়াৰ পৰিকল্পনা জুবিন গাৰ্গৰ ৷ মৃতপ্ৰায় অসমীয়া বোলছবিক নৱ চেতনাৰে পুনৰোজ্জীৱিত কৰা জুবিন গাৰ্গৰ নতুন পৰিকল্পনা অসমৰ সমূহ অৰণ্যক সাঙুৰি এখন তথ্যচিত্ৰ নিৰ্মাণৰ ৷

জুবিন গাৰ্গৰ নতুন পৰিকল্পনা

তেওঁৰ মতে, অসমৰ কিছু সংখ্যক অৰণ্যহে মানুহে চিনি পায় ৷ সেয়ে,জৈৱ বৈচিত্ৰৰে চহকী অসমৰ এখনো অৰণ্য বাদ নপৰাকৈ, সৰু-ডাঙৰ সকলো অৰণ্যক সাঙুৰি এক তথ্যচিত্ৰ নিৰ্মাণৰ বাবে সাজু হৈছে জুবিন গাৰ্গ ৷

আগন্তুক 2020 চনৰ আৰম্ভণিৰ পৰাই এই তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰিব ৷ ইংৰাজী ভাষাত নিৰ্মাণ হ'ব তথ্যচিত্ৰখন ৷ তথ্যচিত্ৰ খনৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰিব ডিব্ৰুগড়ৰৰ জয়পুৰ বৰ্ষাৰণ্যৰ পৰা ক্ৰমান্বয়ে অসমৰ সৰু-বৰ সকলো অৰণ্যক সামৰি ৷

সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত জুবিন গাৰ্গে কয় যে,অসমত প্ৰথম বাৰৰ বাবে হ'ব এনে তথ্যচিত্ৰ ৷ 2020 বৰ্ষৰ 22 জানুৱাৰীত ডিব্ৰুগড়লৈ আহি প্ৰকল্পৰ কাম হাতত ল'ব বুলিও জনায় জুবিন গাৰ্গে ৷

লগতে পঢ়ক: বি টি এ ডিত শীঘ্ৰে মুক্তি পাব "দ্য বড়ো- ফাইট ফৰ আইডেন্টি" তথ্যচিত্ৰ

Intro::প্ৰথমে অসমীয়া সংগীতৰ নতুন ধাৰাক চূড়ান্ত ভাৱে সফলতা প্ৰদান,তাৰ পাছত প্ৰায় মৃতপ্ৰায় অসমীয়া বোলছবিক নৱচেতনাৰে পুনৰ জীয়াই তোলাত অভূতপূৰ্ব সফলতা। এইবাৰ জুবিন গাৰ্গৰ পৰিকল্পনা অসমৰ জৈৱ বৈচিত্ৰক বিশ্বৰ বুকুত চিনাকি কৰি দিয়াৰ।নতুন বছৰৰ আৰম্ভণিৰে পৰা
অসমৰ বন জীৱনৰ ওপৰত কাম কৰাৰ পৰিকল্পনা জুবিনৰ।
অসমৰ বুকুৰ যিমানবোৰ অৰণ্য আছে সকলোবোৰ সাঙুৰি লৈ এখন তথ্যচিত্ৰ নিৰ্মাণৰ পৰিকল্পনা লৈছে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰোব জুবিন গাৰ্গে।জুবিন গাৰ্গৰ আক্ষেপ
অসমৰ কিছু সংখ্যক অৰণ্যহে মানুহে চিনি পাই বাকী বহু অৰণ্য বাদ পৰি ৰয়।সেয়ে,জৈৱ বৈচিত্ৰৰে চহকী অসমৰ এখনো অৰণ্য বাদ নপৰাকৈ সৰু-ডাঙৰ সকলো অৰণ্যক সাঙুৰি এই তথ্যচিত্ৰ নিৰ্মাণৰ বাবে সাজু হৈছে জুবিন।
নতুন বছৰ 2020 ৰ আৰম্ভণিৰ পৰা কৰিব এই তথ্যচিত্ৰৰ শ্বুটিঙৰ কামৰ আৰম্ভ।ইংৰাজী ভাষাত নিৰ্মাণ কৰি উলিওৱাব লগা এই তথ্যচিত্ৰ খনৰ শ্বুটিঙ আৰম্ভ কৰিব ডিব্ৰুগড়ৰ জয়পুৰ বৰ্ষাৰণ্যৰ পৰা আৰু ক্ৰমান্বয়ে অসমৰ সৰু-বৰ সকলো অৰণ্যক সামৰি লোৱা হ'ব প্ৰজেক্টটোত।অসমত এনেকুৱা কাম কোনেও কৰা নাই বুলি উল্লেখ কৰি 2020 বৰ্ষৰ 22 জানুৱাৰীত ডিব্ৰুগড়লৈ আহি প্ৰকল্পৰ কাম হাতত ল'ব বুলি জনাই জুবিনে।
ডিব্ৰুগড়ত সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত এই কথা জানাই জুবিন গাৰ্গে।

Byte:জুবিন গাৰ্গ

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদBody:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.