মৰাণ, 9 জানুৱাৰী: "ডিব্ৰুগড়, তেজপুৰ, যোৰহাট এইবোৰ বহুত সাংস্কৃতিবান ঠাই ৷ মই পৰিকল্পনা নকৰো, কল্পনা কৰো ৷ আগন্তুক দিনত কেইবাখনো চিনেমাৰ কাম হাতত লৈছো ৷ গতিকে মানুহক আহ্বান কৰিম আহি চিনেমাসমূহ চাওকহি ৷ আমি অসমীয়া চিনেমাৰ পুৰণি দিনবোৰ ঘূৰাই আনিবলৈ চেষ্টা কৰিছো ৷" ডিব্ৰুগড়ত দেওবাৰে জুবিন গাৰ্গে Car detailing service ৰ শাখা উদ্বোধন কৰি এই মন্তব্য প্ৰকাশ কৰে (Zubeen Garg is in Dibrugarh)৷
নতুন বছৰৰ প্ৰথমটো দেওবাৰত ডিব্ৰুগড়ত কেক কাটি এনেদৰে উদযাপন কৰিছে নৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে (Popular Singer Zubeen Garg)৷ মঞ্চত গাইছে সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই দিবৰে মন ৷ প্ৰকৃততে Car Squad India নামৰ car detailing service ৰ ডিব্ৰুগড় শাখা উদ্বোধন কৰিবলৈ আহি কণ্ঠশিল্পীগৰাকী নিজৰ ভৱিষ্যত পৰিকল্পনাৰ কথাও ৰাইজক অৱগত কৰে (Zubeen garg inaugurate car detailing service)৷ ইফালে Car Squad India(CSI) CSI লৈ ৰাইজক নিমন্ত্ৰণ জনাই কণ্ঠশিল্পীগৰাকীয়ে ৷
ইফালে নতুন বছৰৰ পৰিকল্পনাৰ কথা সাংবাদিকে সোধাত তেওঁ কয় যে ড৹ বেজবৰুৱাৰ লগতে চিকাৰ আদি নতুন নতুন অসমীয়া চিনেমা আৰু নতুন নতুন প্ৰকল্পত ব্যস্ত জুবিন ৷ এই মাহত আকৌ চিনেমাৰ কামত লণ্ডনলৈ যাব জুবিন গাৰ্গ ৷ ৰাজনীতি ছবিখনক ৰাইজে মৰম দিয়াৰ কথাও সলাগ লয় জুবিনে ৷ ৰাজনীতি চিনেমাখনক লৈ খুব বেছি প্ৰচাৰ কৰিবলৈ সুবিধা নাপালে যদিও ৰাজনীতিক সকলোৱে আদৰি লোৱাত ভাল লাগিছে ৷
লগতে তেওঁ কয় যে ড৹ বেজবৰুৱা ছবিৰ প্ৰচাৰ সমগ্ৰ অসমত ভালকৈ কৰা হ'ব বুলি কয় কণ্ঠশিল্পীগৰাকীয়ে ৷ মিছন চাইনা আৰু ৰত্নাকৰে অসমীয়া ছবিলৈ ভাল দিন আনিছিল যদিও ক’ভিড পৰিস্থিতিয়ে অসমৰ ছবি জগত পুনৰ দুৰ্বল কৰি পেলালে । পুনৰ অসমীয়া ছবি আগুৱাই নিয়াৰ বাবে সকলোকে ভাল কাম কৰিবলৈ আহ্বান জুবিন গাৰ্গৰ ৷ লগতে সৃষ্টি, কলা-সংস্কৃতিৰ পথাৰত উজনিৰ জিলাবোৰৰ লোকৰ সুকীয়া চানেকিৰ কথাও লগতে উল্লেখ কৰে জুবিনে ৷
উল্লেখযোগ্য যে শদিয়াত অনুষ্ঠিত হোৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (AJYCP) কেন্দ্ৰীয় অধিৱেশনত অনুষ্ঠান পৰিবেশন কৰি আহি দেওবাৰে জুবিন গাৰ্গ উপস্থিত হৈছিল ডিব্ৰুগড়ত। জুবিনক এবাৰ ওচৰৰ পৰা চোৱা এখন ছেল্ফি উঠাৰ বাবে ডিব্ৰুগড়ত অনুৰাগী সকলে ভিৰ কৰা পৰিলক্ষিত হয় ।