ETV Bharat / state

কন্ঠ নহয়, ডিব্ৰুগড়ত জুবিনৰ দুভৰিৰ যাদু - ডিব্ৰুগড়ত জুবিন একাদশ

ডিব্ৰুগড়ত জুবিনৰ ‘কা’ৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ ৷ চৌকিডিঙী খেলপথাৰত জুবিন একাদশ বনাম ৱেকআপ গাইজ ফুটবল ক্লাৱ ৷ উক্ত খেলখনত দুয়োটা দলৰ মাজত 3-3 গ’লত ড্ৰ’ হয় যদিও ট্ৰাইবেকাৰৰ জৰিয়তে জয়লাভল কৰে জুবিন একাদশে ৷

Zubeen 11 football match at Dibrugarh
কন্ঠ নহয়,ডিব্ৰুগড়ত জুবিনৰ দুভৰিৰ যাদু
author img

By

Published : Jan 27, 2020, 7:57 PM IST

ডিব্ৰুগড়,27 জানুৱাৰীঃ এইবাৰ কণ্ঠত নহয় জুবিনৰ দুভৰিৰ যাদুত মন্ত্ৰমুগ্ধ ডিব্ৰুগড়বাসী ৷ চৌকিডিঙী খেলপথাৰত জুবিন একাদশ বনাম ৱেকআপ গাইজ ফুটবল ক্লাৱ ৷ ডিব্ৰুগড়ত জুবিনৰ ‘কা’ৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ ৷ সোমবাৰে দিনৰ 3 বজাৰ পৰা অনুষ্ঠিত খেলখনত জুবিন একাদশৰ হৈ খেলপথাৰত নামে জুবিন গাৰ্গৰ লগতে কেইবাগৰাকীও শিল্পীয়ে ৷ উক্ত খেলখনত দুয়োটা দলৰ মাজত 3-3 গ’লত ড্ৰ’ হয় যদিও ট্ৰাইবেকাৰৰ জৰিয়তে জয়লাভল কৰে জুবিন একাদশে ৷

কিডিঙী খেলপথাৰত জুবিন একাদশ বনাম ৱেকআপ গাইজ ফুটবল ক্লাৱ

আনহাতে, বিজয়ৰ শেষত শিল্পীগৰাকীয়ে খেলখন খেলি ভাল লগা বুলি মন্তব্য প্ৰকাশ কৰাৰ লগতে নিজৰ নতুন পৰিকল্পনাৰ কথাও ব্যক্ত কৰে ৷ সমান্তৰালকৈ "কা"ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ কথাও কয় জুবিনে ৷ মঙলবাৰে তৈলনগৰী ডিগবৈত আন এখন খেলত ভাগ ল’ব জুবিন একাদশে ৷

লগতে পঢ়ক-পশ্চিমবংগত গৃহীত হ'ল CAA বিৰোধী প্ৰস্তাৱ

Intro:এইবাৰ কণ্ঠত নহয় জুবিনৰ দুভৰিৰ যাদুত মন্ত্ৰমুগ্ধ উজনিৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড়,ডেকা বুঢ়া,জিয়ৰি নাতি সকলোৱে একেলগে চিঞৰিলে গল দিয়ক গল দিয়ক জুবিনক।চহৰৰ চৌকিডিঙী খেলপথাৰত নামিল এইবাৰ জুবিন গাৰ্গ eleven। হয় এইদৰে ডিব্ৰুগড়ত অনুষ্ঠিত হল কা ৰ বিৰুদ্ধে এক অভিনৱ প্ৰতিবাদ জুবিনৰ।
ডিব্ৰুগড়ৰ চৌকিডিঙীত ফুটবলৰ যুঁজত নামিল জুবিন একাদশ বনাম ৱেকআপ গাইজ ফুটবল ক্লাৱ।

কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ হৈ জুবিন গাৰ্গ,বাবু আৰু সতীৰ্থৰ টীমটোৱে ডিব্ৰুগড়ৰ চৌকিদিঙ্গি খেলপথাৰত নামিল কাৰ বিৰুদ্ধে এই ফুটবল মেছ যোগে। ৱেক আপ গাইজ ফুটবল ক্লাৱ( Weak up guys FC) দলৰ সৈতে আজি দিনৰ ৩ বজাত প্ৰতিদ্বন্দীতাত নমা দলটোত জুবিন বাবু সহ কেইবাগৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰে। কেইবা হাজাৰ দৰ্শকেৰে ভৰি পৰা ৰোমাঞ্চকৰ, আকৰ্ষণীয় এই খেলখনত জুবিন একাদশ আৰু ৱেকাপ গাইজ ফুটবল ক্লাৱৰ মাজত ৩-৩ গলত ড্ৰ হয় যদিও ট্ৰাইবেকাৰৰ যোগেদি জয় লাভ কৰে জুবিন একাদশে।বিজয়ৰ শেষত ক'লে খেলি ভাল লাগিল, love you Dibrugarh।লগতে ক'লে কা বিৰুধীতা এইদৰেই অব্যাহত থাকিব।জনালে জুবিনৰ নতুন পৰিকল্পনাৰ কথাও।

Byte:জুবিন, বাবু

খেলৰ শেষত গুণমুগ্ধই খেলপথাৰৰ মাজত আবৰি ধৰে,ইফালে বিজয়ী ট্ৰফী হাতত তুলি জুবিনে চিঞৰিলে জয় আই অসম।
ইফালে কাইলৈ আনখন ফুটবল মেছত ভাগ ল'ব জুবিন গাৰ্গৰ টীমটোৱে তৈল নগৰী ডিগবৈত।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদBody:DoConclusion:Do
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.