মৰাণ, 8 নৱেম্বৰ: ৰাস পূৰ্ণিমাৰ আনন্দ উল্লাসৰ মাজতেই দুলীয়াজানত মংগলবাৰে পুৱা এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় (Blast at Duliajan)৷ পুৱা প্ৰায় ৯ বজাত দুলীয়াজান কমলাবাৰী ৰ’দহুকুটা অঞ্চলৰ নিবাসী বুলেন মেচৰ বাসগৃহৰ চৌহদত থকা গুডাম ঘৰত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনাটো ৷ বিস্ফোৰণত থিতাতে নিহত নহয় তেওঁৰ ২৫ বছৰীয়া পুত্ৰ ৰিতুৰাজ মেচ (Rituraj Mech died in blast) ।
জানিব পৰা অনুসৰি মংগলবাৰে পুৱা নিজৰ বাসগৃহত থকা গুডাম ঘৰটোত কাম কৰি আছিল ৰিতুৰাজে ৷ ঠিক তেনে সময়তে এক বিস্ফোৰণৰ শব্দ হয় ৷ এই বিস্ফোৰণত ৰিতুৰাজৰ বাঁওহাতখন ছিঙি যোৱাৰ লগতে দুয়োখন ভৰি ছিঙি ছিন্ন-ভিন্ন হৈ পৰে (youth dead in blast at Duliajan)৷ লগে লগে শব্দ শুনিয়েই ৰিতুৰাজৰ মাতৃ-পিতৃ আহি চোৱালৈকে ৰিতুৰাজৰ ছেদেলি ভেদিল হৈ পৰি থকা শৰীৰৰ টুকুৰাই ৰাঙলী কৰি পেলাইছিল গুডাম ঘৰটো ৷
ইফালে বিস্ফোৰণত চিটিকি পৰা বিস্ফোৰক পদাৰ্থই কাষতে থকা এজোপা তামুলী গছ ফালি নিয়াৰ লগতে প্ৰায় ৫০ মিটাৰ আঁতৰত থকা এটা তিনিমহলীয়া ঘৰৰ দেৱালৰ ক্ষতি সাধন কৰে ৷ লগে লগে অঞ্চলটোত বিস্ফোৰণৰ খবৰ শুনি হুৱা-দুৱা লগাত ওচৰৰ লোক আহি ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷
খবৰ পোৱা মাত্ৰকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে প্ৰাৰম্ভিক অৱস্থাত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই যুৱকজন নিহত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছিল যদিও বিস্ফোৰণস্থলীত চিলিণ্ডাৰৰ কোনো অস্তিত্ব আৰক্ষীয়ে বিচাৰি পোৱা নাই ৷
ইতিমধ্যে আৰক্ষীয়ে বিস্ফোৰণস্থলীৰ পৰা কপাৰ তাঁৰৰ লগতে কেতবোৰ সামগ্ৰী উদ্ধাৰ কৰিছে । শেহতীয়াকৈ আৰক্ষীয়ে নিহত যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে ৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, ব্লু-ডাৰ্ট নামৰ কুৰীয়াৰ প্ৰতিস্থানৰ বাহনৰ চালক হিচাপে কাম কৰিছিল ৰিতুৰাজে ৷
ঘৰখনৰ সৰু পুত্ৰ আছিল মৃত ৰিতুৰাজ ৷ এতিয়া সমগ্ৰ ঘটনাটোক লৈ অঞ্চলটোত গভীৰ ৰহস্যৰ সৃষ্টি হৈছে (Suspicious blast at Duliajan)। অৱশ্যে বিস্ফোৰণৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷