ETV Bharat / state

কেনে অৱস্থাত আছে ৰাজ্যৰ ৰেকৰ্ডি ষ্টুডিঅ'সমূহ, এক বিশেষ প্ৰতিবেদন

author img

By

Published : Sep 7, 2020, 8:56 PM IST

কৰ'ণা ভাইৰাছৰ প্ৰভাৱৰ বাবে জনসমাগমৰ সৰ্বাধিক আশংকাৰ প্ৰতি লক্ষ্য কৰি এইবাৰ শাৰদীয় দূৰ্গোৎসৱ উদযাপন সন্দৰ্ভত বৰ্তমানলৈকে অনিশ্চয়তাত আছে ৰাইজ ৷ যাৰবাবে এই অভাৱনীয় পৰিস্থিতিৰ পোনপটীয়া প্ৰভাৱ পৰিছে ৰেকৰ্ডিং ষ্টুডিঅ'সমূহতো ৷ আনবাৰৰ তুলনাত এইবাৰ মাত্ৰ কেইটামান প্ৰজেক্টৰ কামহে হাতত পৰিছে ষ্টুডিঅ'ৰ ৷

studio for lock down
ডিব্ৰুগড়

ডিব্ৰুগড়, 7 ছেপ্টেম্বৰঃ কৰ'ণা ভাইৰাছৰ বাবে দেশজুৰি জাৰি হোৱা লক ডাউনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বিভিন্ন ক্ষেত্ৰৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত থকা প্ৰতিজন শিল্পী তথা কলা-কুশলী ৷ ইয়াৰ পৰা সাৰি যাব পৰা নাই সংগীতৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা কলা-কুশলী সকলো ৷ আনকি দূৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তো নিজান-নিস্তব্ধ পৰিৱেশে বিৰাজ কৰিছে ৰেকৰ্ডিং ষ্টুডিঅ'সমূহত ৷ এইবাৰ পূৰ্বৰ দৰে শিল্পীৰ ভিৰ তথা কামৰ ব্যস্ততা নাই ষ্টুডিঅ'সমূহত ৷ এই সন্দৰ্ভত সবিশেষ জনালে এসময়ৰ এন কে প্ৰডাকচনৰ সৈতে জড়িত প্ৰসিদ্ধ বাঁহী বাদক,সংগীত পৰিচালক তথা ডিব্ৰুগড় চহৰস্থিত "Chant" ষ্টুডিঅৰ স্বত্বাধিকাৰী লক্ষী ৰঞ্জনে ৷

কৰ'ণাৰ ফলত সংকটত শিল্পীসমাজ

আনহাতে এই ভয়াৱহ সময়চোৱাৰ মাজতে একাংশ শিল্পীয়ে বিভিন্ন ৰাজনৈতিক দলত যোগদান কৰাৰ সন্দৰ্ভতো প্ৰকাশ কৰে সংগীত পৰিচালক লক্ষী ৰঞ্জনে ৷ শিল্পী ৰাজনীতিলৈ যোৱাতো বেয়া কথা নহয় কিন্তু দুমুখীয়া চৰিত্ৰ ৰূপায়ন কৰাটোহে হাস্যকৰ বুলি জনালে সংগীত পৰিচালকগৰাকীয়ে ৷

লগতে পঢ়কঃ থানাৰ পৰা মুকলি হৈয়েই এজেৱাইচিপি নেতাৰ হুংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.