ETV Bharat / state

Workshop of Small Tea Growers:ডিব্ৰুগড়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ কৰ্মশালা - ক্ষুদ্ৰ চাহ খেতিয়ক

উন্নত মানদণ্ডৰ চাহ উৎপাদন কৰা উদ্দেশ্যে চাহ উদ্যোগ বিভাগৰ উদ্যোগত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ক্ষুদ্ৰ চাহ খেতিয়কৰ কৰ্মশালা ৷

Workshop of Small Tea Growers in Dibrugarh
ক্ষুদ্ৰ চাহ খেতিয়কৰ কৰ্মশালা
author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 6:40 PM IST

ক্ষুদ্ৰ চাহ খেতিয়কৰ কৰ্মশালা

ডিব্ৰুগড়, 20 ছেপ্টেম্বৰ : উন্নত মানদণ্ডৰ চাহ উৎপাদন কৰাৰ উদ্দেশ্যে উদ্যোগ বিভাগৰ উদ্যোগত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ক্ষুদ্ৰ চাহ খেতিয়কৰ কৰ্মশালা ৷ সেউজীয়া সোণৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈ এতিয়া হতাশ আৰু দিশহাৰা হৈ পৰিছে দুৰ্ভগীয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল । কেঁচা চাহপাতৰ নিম্নগামী মূল্যই জুৰুলা কৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কক । চৰম ভাবুকি কঢ়িয়াই আনিছে চাহ খেতিয়কসকলৰ জীৱন আৰু জীৱিকাৰ প্ৰতি । তেনে সময়তে হৈ যোৱা চলিত বিধানসভাত উদ্যোগ মন্ত্ৰী বিমল বড়াই ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাতৰ মানদণ্ড কম হোৱা বাবে উচিত মূল্য লাভ কৰা নাই বুলি কোৱাৰ পাচতেই জাঙুৰ খাই উঠিছিল ক্ষুদ্ৰ চাহ খেতিয়কসকল ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্যোগ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ক্ষুদ্ৰ চাহ খেতিয়কসকলে । ইয়াৰ পাচতেই তৎপৰ হৈ উঠিছে ৰাজ্যৰ উদ্যোগ বিভাগ । ক্ষুদ্ৰ চাহ খেতিয়কসকলক অধিক পাৰদৰ্শী কৰি উন্নত মানৰ কেঁচা চাহপাত উৎপাদন কৰাৰ লগতে চাহৰ পৰা হ’ব পৰা উদ্যোগ সম্ভাৱনাক অৱগত কৰা উদ্দেশ্যে উদ্যোগ বিভাগৰ উদ্যোগত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ক্ষুদ্ৰ চাহ খেতিয়কৰ কৰ্মশালা । বুধবাৰৰে পৰা তিনিদিনীয়াকৈ ডিব্ৰুগড় জিলা পুথিভঁৰালত অনুষ্ঠিত হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কৰ্মশালা ।

Tea Cess ৰ অধীনত তথা ডিব্ৰুগড় জিলা ঔদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত অনুষ্ঠিত এই কৰ্মশালাখন উদ্বোধন কৰে জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে । জিলা ঔদ্যোগ আৰু বাণিজ্য বিভাগৰ মহাপ্ৰৱন্ধক মেৰ্গন মেষ্টনে আদৰণি ভাষণ প্ৰদান কৰা এই কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক প্ৰশান্ত ফুকন । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক প্ৰশান্ত ফুকনে আন্ত:ৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহে ফেৰ মাৰিব পৰাকৈ প্ৰতিযোগিতামূলকভাৱে গুণগত মানদণ্ডৰ চাহ উৎপাদনত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাই ক্ষুদ্ৰ চাহ খেতিয়কসকলক । উল্লেখ্য যে, এই কৰ্মশালাত প্ৰায় দুই শতাধিক ক্ষুদ্ৰ চাহ খেতিয়কে অংশগ্ৰহণ কৰিছে । এই কৰ্মশালাৰ পাচতেই ক্ষুদ্ৰ চাহ খেতিয়কসকলক লৈ যোৰহাট টোকলাই চাহ গৱেষণা কেন্দ্ৰত বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব বুলিও জানিবলৈ দিছে উদ্যোগ বিভাগে । উদ্যোগ বিভাগে অনুষ্ঠিত কৰা এই কৰ্মশালাৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কসকল যথেষ্ট পৰিমাণে উপকৃত হ’ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : Tea workers protest:সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উদ্যোগত বিশাল গণ গৰ্জন কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.