মৰাণ, 5জুন: বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি চৰাইদেউ জিলাৰ সোণাৰিত এগৰাকী মহিলাৰ আদৰণীয় পদক্ষেপ । সোণাৰিৰ নগৰৰ মাজ মজিয়াত সোণাৰিবাসীক বিনামূলীয়াকৈ গছপুলি বিতৰণ কৰে মিনাক্ষী দুৱৰীয়ে ।

নন্দন কানন নাৰ্ছাৰীৰ উদ্যোগত মহিলাগৰাকীয়ে প্ৰায় ৫০০ লোকক বিতৰণ কৰে বিনামূলীয়া গছ পুলি । সেউজীয়া কৰণেৰে ধৰণীক ধুনীয়া কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে মহিলাগৰাকীয়ে ।
লগতে পঢ়ক: ১১ এচিএছ বিষয়াক আইএএছলৈ মনোনিত