ETV Bharat / state

Wild buffalo scare: ডিব্ৰুগড়ৰ দেউৰী ব্লক গাঁৱত বনৰীয়া ম'হৰ আতংক - Wild buffaloes terror in Deori block village

ডিব্ৰুগড়ৰ দেউৰী ব্লক গাঁৱত বনৰীয়া ম'হৰ আতংক (Wild buffalo scare in Dibrugarh Deori block) । হেক্টৰে হেক্টৰে কৃষিভূমি অনিষ্ট সাধন কৰিছে বনৰীয়া ম'হে । কাণসাৰ নাই বন বিভাগ তথা জনপ্ৰতিনিধিৰ । উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় কৃষকৰ ।

Dibrugarh
Dibrugarh
author img

By

Published : Oct 29, 2022, 6:05 PM IST

মৰাণ, ২৯ অক্টোবৰ: ডিব্ৰুগড়ৰ দেউৰী ব্লক গাঁৱত বনৰীয়া ম'হৰ আতংক (Wild buffalo scare in Dibrugarh Deori block) । হেক্টৰে হেক্টৰে কৃষিভূমি অনিষ্ট সাধন কৰিছে বনৰীয়া ম'হে । কাণসাৰ নাই বন বিভাগ তথা জনপ্ৰতিনিধিৰ । উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় কৃষকৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ উপদ্ৰৱৰ সমান্তৰালভাৱে ডিব্ৰুগড়ৰ দেউৰী ব্লক গাঁৱতো বনৰীয়া ম'হে আতংকৰ সৃষ্টি কৰিছে কৃষক ৰাইজৰ মাজত ।

ডিব্ৰুগড়ৰ দেউৰী ব্লক গাঁৱত বনৰীয়া ম'হৰ আতংক

বছৰ বছৰ ধৰি ডিব্ৰুগড়ৰ জকাই বন খণ্ডৰ অধীনৰ দেউৰী ব্লক গাঁৱত কৃষিজীৱী লোকসকলৰ মাজত বনৰীয়া ম'হে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে (Wild buffaloes terror in Deori block village) । মূলত গাঁওখনৰ ১০০ শতাংশ লোকেই কৃষিজীৱী । খাৰিফেই হওক বা ৰবিশস্যৰ খেতিয়েই হওক এফালৰ পৰা বনৰীয়া ম'হে অনিষ্ট সাধন কৰাৰ ফলত বিমুখ হ'বলগীয়া হৈ পৰিছে গাঁওখনৰ কৃষকসকল ।

সৌৰশক্তিচালিত তাঁৰ ব্যৱহাৰ কৰি গাঁওখনৰ ৰাইজে ম'হৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবৰ বাবে স্থানীয় বিধায়কক বাৰম্বাৰ অনুৰোধ কৰি আহিছে যদিও আজিকোপতি কোনো এজন বিধায়কে একো পদক্ষেপ গ্ৰহণ কৰা নাই । ফলত শংকিত হৈ পৰা পৰিলক্ষিত হৈছে স্থানীয় জনতা । উল্লেখযোগ্য যে বিগত এমাহ ধৰি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত দুটাকৈ বনৰীয়া হাতীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছিল ।

মূলত মৃত দুয়োটা বনৰীয়া হাতী খাদ্যৰ সন্ধানতে ওলাই আহিছিল । ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত বনৰীয়া ম'হ, হাতীয়ে চলাই থকা উপদ্ৰৱ বন বিভাগে নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণকৈ ব্যৰ্থ হৈছে । কৃষক ৰাইজক এই সমস্যাৰ পৰা ৰক্ষা কৰিবলৈ বন বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তহে লক্ষ্যণীয় হ'ব (Forest department failure to protect villagers)।

উল্লেখ্য, ৰাজ্যৰ বিভিন্ন প্ৰান্তত হস্তী-মানুহৰ সংঘাতৰ কথা নতুন নহয় । মূলত খাদ্যৰ সন্ধানতে ঘন অৰণ্যৰ পৰা জন অৰণ্যলৈ ওলাই আহে বন্যহস্তীৰ জাক । একেদৰে বিভিন্ন ঠাইত বনৰীয়া ম'হৰ জাকেও সময়ে সময়ে তাণ্ডৱ চলাই আহিছে । যাৰ ফলত ধন-জনৰ ব্যাপক ক্ষতি হৈছে । বন বিভাগক এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ বাবে বাৰম্বাৰ দাবী উত্থাপন হৈ আহিলেও মূৰকত সেয়া হোৱাগৈ নাই ।

লগতে পঢ়ক :Devastating Erosion at Nagarbera: ব্ৰহ্মপুত্ৰৰ খহনীয়াই কালৰূপ লৈছে বাঘবৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.