ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰপ্তানিৰ বাট হ'ব ব্ৰহ্মপুত্ৰৰ জলপথ: সোণোৱাল - ব্ৰহ্মপুত্ৰৰ জলপথ

আন্তৰ্জাতিক বাণিজ্যৰ ভেটি গঢ়াৰ লক্ষ্য লৈ কেন্দ্ৰীয় চৰকাৰে এক আঁচনি যোগে ব্ৰহ্মপুত্ৰৰ জলপথটো বংগোপ সাগৰৰ সৈতে যোগাযোগ কৰাৰ ব্যৱস্থা কৰিব ৷ এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

water way of Brahmaputra will lead international export from assam
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰপ্তানিৰ বাট হ'ব ব্ৰহ্মপুত্ৰৰ জলপথ: সোনোৱাল
author img

By

Published : Aug 24, 2021, 10:56 PM IST

ডিব্ৰুগড়, 24 আগষ্ট : ব্ৰহ্মপুত্ৰৰ জলপথেৰে আন্তৰ্জাতিক বাণিজ্যৰ ভেটি গঢ়াৰ লক্ষ্য লৈ এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এক আঁচনি গ্ৰহণ কৰিছে । কেন্দ্ৰই গ্ৰহণ কৰা আঁচনি অনুসৰি, ব্ৰহ্মপুত্ৰৰ পৰা বংগোপ সাগৰেদি আৰম্ভ হ’ব এই আন্তৰ্জাতিক বাণিজ্যৰ পথ । এই পথেদি ৰাজ্যৰ উৎপাদিত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰাৰ ব্যৱস্থা কৰা হ’ব ।

ব্ৰহ্মপুত্ৰৰ জলপথটো বংগোপ সাগৰৰ সৈতে যোগাযোগ ব্যৱস্থা সুচল কৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ ৰপ্তানিৰ ব্যৱস্থা উন্নত কৰাৰ বাবে প্ৰচেষ্টা ল'ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । কেন্দ্ৰীয় চৰকাৰে প্ৰচেষ্টাত চিতাগঞ্জ বন্দৰ ইতিমধ্যে মুকলি কৰা বুলি কৈ ব্ৰহ্মপুত্ৰ নদীয়ে গৈ বংগোপ সাগৰ সৈতে চামিল হৈ ভাৰত মহাসাগৰে দি গৈ বিশ্বৰ বিভিন্ন দেশত আমাৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ সুযোগ লাভ কৰা বুলিও কয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰপ্তানিৰ বাট হ'ব ব্ৰহ্মপুত্ৰৰ জলপথ: সোনোৱাল

কেবিনেট মন্ত্ৰীৰ দায়িত্ব লাভৰ পাছত প্ৰথমবাৰলৈ গৃহ চহৰত প্ৰৱেশ কৰি ডিব্ৰুগড়ত আয়োজিত কৰা বিপুল সম্বৰ্ধনা গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ, স্থল পৰিবহণ আৰু আয়ুস দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ডিব্ৰুগড়ৰ সন্তান প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক মঙলবাৰে গৃহ চহৰত বিপুল সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ।

ডিব্ৰুগড়, তিনিচুকীয়া আৰু শদিয়া জিলা বিজেপিৰ উদ্যোগত আয়োজিত অভিনন্দন তথা আদৰণি অনুষ্ঠানত শক্তি মন্ত্ৰী বিমল বড়া, ৰাজ্য চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষান, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, চাবুৱাৰ বিধায়ক পোনাকন বৰুৱা, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাৰ লগতে বিভিন্ন নিগম নিকায়ৰ বিষয়ববীয়া আৰু ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

ৰাইজৰ সম্বৰ্ধনা গ্ৰহণ কৰি মন্ত্ৰী সোণোৱালে প্ৰাকৃতিক সম্পদৰ সম্ভাৱনাৰে চহকী ৰাজ্য অসমখন পিছপৰি থকাতো কংগ্ৰেছ দলে গুৰুত্ব নিদিয়াৰ ফল বুলি উল্লেখ কৰে ৷ কংগ্ৰেছে স্বৰাজোত্তৰ কালত সুদীৰ্ঘ সময় কেৱল মাহী আইৰ দৃষ্টিৰে নিক্ষেপ কৰাৰ বাবে অসম পিছপৰি ৰোৱা বুলি মত প্ৰকাশ কৰে। নৰেন্দ্ৰ মোডীয়ে দেশৰ নেতৃত্ব লাভ কৰাৰ পাছতে উত্তৰ পূবে উন্নয়নৰ মুখ দেখিবলৈ পালে বুলি কৈ অষ্ট লক্ষী হিচাপে উত্তৰ পূৱক প্ৰধান মন্ত্ৰীয়ে মৰ্যাদা প্ৰদান কৰিছে বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে ।

লগতে পঢ়ক : জন আশীৰ্বাদ যাত্ৰাত কংগ্ৰেছী বিধায়কৰ অংশ গ্ৰহণক সফলতাৰ চিন আখ্যা বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.