ETV Bharat / state

ডিব্ৰুগড়ৰ কৃষি পথাৰত চিৰাল ফাঁট - ডিব্ৰুগড় জিলা

ৰাজ্যত খৰাঙৰ প্ৰভাৱ । পানীৰ অভাৱত নষ্ট হৈছে ধানৰ কঠিয়া । কৃষকে খেতি কৰিব পৰা নাই হাজাৰ হাজাৰ কৃষিভূমিত । খেতি পথাৰত মেলিছে চিৰাল ফাঁট । নষ্ট হোৱা কঠিয়া গৰুক খুৱাবলৈ বাধ্য হৈছে দৰিদ্ৰ কৃষকে ।

Water shortage for farming
ডিব্ৰুগড়ৰ কৃষি পথাৰত চিৰাল ফাঁট
author img

By

Published : Aug 11, 2021, 7:57 PM IST

মৰাণ, ১১ আগষ্ট : ক'ভিডসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দৰিদ্ৰ লোকসকল কেনেদৰে আৰ্থিকভাৱে জুৰুলা হ'বলগীয়া হৈছে সেয়া সকলোৰে অৱগত । এইবাৰ খৰাঙে নতুন বিপদ আনিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰিদ্ৰ কৃষকলৈ । পৰ্যাপ্ত পৰিমাণে বৰষুণ নোহোৱা বাবে আৰু জলসিঞ্চনৰ সু-ব্যৱস্থাৰ অভাৱত হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি এনেয়ে পৰি ৰৈছে । ঠায়ে ঠায়ে কৃষিভূমিত চিৰাল ফাঁট মেলাও দেখিবলৈ পোৱা গৈছে ।

সময়মতে খেতি কৰিব নোৱাৰি বছৰটোৰ বাবে কেনেদৰে অন্নমুঠি যোগাৰ কৰিব তাকে লৈ ডিব্ৰুগড় জিলাৰ জকাই থান গাঁৱৰ কৃষকসকল চিন্তিত হৈ পৰিছে । পানীৰ অভাৱত কৃষকে হাহাকাৰ কৰিবলগীয়া হৈছে । আনহাতে, অসমত চলিত বৰ্ষত বৰষুণৰ পৰিমাণ ২২ শতাংশ হ্ৰাস পাইছে । আগৰ বৰ্ষৰ তুলনাত ডিব্ৰুগড় জিলাত ৩৩ শতাংশ হ্ৰাস পাইছে বৃষ্টিপাত ।

ডিব্ৰুগড়ৰ কৃষি পথাৰত চিৰাল ফাঁট

ডিব্ৰুগড় জিলাৰ জকাই থান গাঁৱত প্ৰায় ৫ হাজাৰ হেক্টৰ খেতি পথাৰত এইবাৰ বৰষুণ নোহোৱাৰ বাবেই খেতি কৰিব নোৱাৰিলে কৃষক ৰাইজে । ফলত কৃষিপ্ৰধান অঞ্চলটোৰ ৰাইজৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে ।

কৃষিকৰ্ম কৰিয়েই নিজৰ পৰিয়াল পোহপাল দিয়ে গাঁওখনৰ অধিকাংশ লোকে । কিন্তু কমকৈ বৰষুণ হোৱা বাবে এইবাৰ পোনপটীয়া প্ৰভাৱ পৰিছে খেতিপথাৰত । আনহাতে, কোনো ধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা অঞ্চলটোৰ কৃষকসকলে লাভ কৰা নাই বুলি অভিযোগ তুলিছে খোদ কৃষকসকলে । কৃষিপ্ৰধান অঞ্চল যদিও জকাই থান গাঁৱত নাই জলসিঞ্চনৰ ব্যৱস্থা ।

জলসিঞ্চন বিভাগ অথবা কৃষি বিভাগৰ কোনো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা নাই এইসকল কৃষকে । বৰ্তমানেও খেতি কৰিবলৈ বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয় অঞ্চলটোৰ কৃষকসকলে । স্থানীয় ৰাইজে জনোৱা মতে, তেওঁলোকে জিলাখনৰ অভিভাৱক মন্ত্ৰীকো তেওঁলোকৰ সমস্যাৰ বিষয়ে জনাইছিল । কিন্তু তেওঁৰ পৰা আশা কৰা ধৰণে সহায় নাপালে ।

লগতে পঢ়ক:জলসিঞ্চন বিভাগৰ বিৰুদ্ধে টিহুত আছুৰ প্ৰতিবাদত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.