ETV Bharat / state

Tense Situation at Don Bosco School: বিদ্যালয়ৰ পৰা নিলম্বিত হ’ল 29 জন ছাত্ৰ

ডিব্ৰুগড়ৰ ডনবস্ক’ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিটে জোকাৰিছে ডিব্ৰুগড় চহৰ (Warm Situation at Don Bosco School) ৷ 29 জন ছাত্ৰক নিলম্বন বিদ্যালয় কৰ্তৃপক্ষৰ ৷ এই ঘটনাক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

Etv BhaWarm Situation at Don Bosco Schoolrat
Etv Bhaএকাংশ উদণ্ড ছাত্ৰৰ বাবে লজ্জিত হ’ল এইবাৰ ডিব্ৰুগড়বাসী rat
author img

By

Published : Aug 5, 2022, 8:58 PM IST

Updated : Aug 5, 2022, 10:51 PM IST

ডিব্ৰুগড়, 5 আগষ্ট : একাংশ উদণ্ড ছাত্ৰৰ বাবে লজ্জিত হ’ল এইবাৰ ডিব্ৰুগড়বাসী ৷ গুৱাহাটী মহানগৰীৰ কটন বিশ্ববিদ্যালয়কে ধৰি আগশাৰীৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহত উদণ্ড ছাত্ৰৰ মাৰপিটৰ দৰে হিংসাত্মক ঘটনাসমূহ (Clashes in Dibrugarh) দেখি শুনি ৰাইজ তথা সচেতন মহল অতিষ্ঠ হোৱা সময়তে এইবাৰ ডিব্ৰুগড়ৰ সভ্য সমাজক লজ্জানত কৰি ডিব্ৰুগড় ডনবস্ক’ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰৰ মাজত সংঘটিত হ’ল প্ৰচণ্ড মাৰপিটৰ ঘটনা ।

ছাত্ৰৰ মাজত হোৱা প্ৰচণ্ড মাৰপিটে জোকাৰণি তুলিছে ডিব্ৰুগড়ৰ সচেতন মহলত (Warm Situation at Don Bosco School of Dibrugarh) । কিয়নো ডিব্ৰুগড় ডনবস্ক’ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্ভ্ৰান্ত পৰিয়ালৰ সন্তানে অধ্যয়ন কৰে বুলি সকলোৰে জ্ঞাত । বৃহস্পতিবাৰে ডিব্ৰুগড় ডনবস্ক’ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰৰ মাজত সংঘটিত হৈছিল প্ৰচণ্ড মাৰপিট ।

উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰৰ প্ৰহাৰত প্ৰথম বৰ্ষৰ 34 জন ছাত্ৰ আহত হয় ৷ ইয়াৰে 14 জন ছাত্ৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । বৰ্তমানেও AMCH ৰ জৰুৰী বিভাগত চিকিৎসাধীন বহু কেইজন ছাত্ৰ । তথ্য অনুসৰি, 29 জন ছাত্ৰক এমাহৰ বাবে নিলম্বন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ।

একাংশ উদণ্ড ছাত্ৰৰ বাবে লজ্জিত হ’ল এইবাৰ ডিব্ৰুগড়বাসী

সমগ্ৰ ঘটনা গাপ দিবলৈ বিদ্যালয় কৰ্তৃপক্ষই চেষ্টা কৰিছিল যদিও আজি সংবাদ মাধ্যমৰ আগত মুখ খুলিলে বিদ্যালয় কৰ্তৃপক্ষই । বিদ্যালয় তত্বাৱধায়কগৰাকীয়ে মাৰপিটৰ ঘটনাৰ সংক্ৰান্তত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয়, মাৰপিটৰ ঘটনাৰ লগত জড়িত 29 ছাত্ৰক বহিস্কাৰ কৰাৰ উপৰিও এখন উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰি ঘটনা তদন্ত কৰা হ’ব ৷

ইয়াৰ উপৰিও তদন্তত ঘটনাৰ লগত জড়িত ছাত্ৰক শাস্তি প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে । ইফালে এই ঘটনাক লৈ জিলা ছাত্ৰ সন্থা আৰু বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰই সমগ্ৰ ঘটনাক গৰিহণা দিছে ।

লগতে পঢ়ক : ABVP protest in Nalbari: উত্তৰ বহী পুনৰ নিৰীক্ষণৰ দাবী প্ৰতিবাদকাৰীৰ

Last Updated : Aug 5, 2022, 10:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.