মৰাণ,22 এপ্ৰিল: ডিব্ৰুগড় চাউলখোৱাৰ ৰাছি লাইনত উত্তপ্ত পৰিস্থিতি । সমবায় সমিতিৰ চাউল বিতৰণত অনিয়মৰ অভিযোগ উত্থাপন হৈছে । সমবায় সমিতিৰ এজেণ্টে হিতাধিকাৰীৰ চাউল বিতৰণত অনিয়মৰ অভিযোগ তুলি তীব্ৰ প্ৰতিবাদ লাহোৱালত ।
উল্লেখযোগ্য যে, মদাৰখাট সমবায় সমিতিৰ অন্তৰ্গত ৰাছি লাইনৰ এজেণ্ট চুলেমান লোহাৰৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ । হিতাধিকাৰীৰ চহী সংগ্ৰহ কৰি মাহে কুইণ্টলে কুইণ্টলে এজেণ্টে চাউল আত্মসাত কৰাৰ অভিযোগ উঠিছে । তদুপৰি পচা, পোকে খোৱা চাউল বিতৰণৰো অভিযোগ তুলিছে ক্ষুব্ধ হিতাধিকাৰীয়ে । প্ৰতিবাদকাৰীয়ে হিতাধিকাৰীৰ চাউল বিতৰণত অনিয়ম সংঘটিত কৰা চুলেমান লোহাৰৰ বিৰুদ্ধে প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।
লগতে পঢ়কঃ পঞ্চভূতত বিলীন হ’ল কণ্ঠশিল্পী ভিতালী দাস