ডিব্ৰুগড়, 16 জুন : জামিন লাভ কৰা পাচতে এতিয়া সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে দেৱাংগনা কলিতাৰ এখন ফটোৱে ৷ ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতেই অঁকা দেৱাংগনা কলিতাৰ এই ফটোখন প্ৰকাশ পাইছিল ৪ জুন ২০০০ চনৰ "The Sentinel" কাকতৰ দেওবৰীয়া সংখ্যাত ৷
সেই সময়ৰ ডিব্ৰুগড়ৰ লিটল ফ্লাৱাৰ স্কুল পঢ়ি থকা দেৱাংগনা কলিতাই ফটোখন আঁকিছিল পৰিবেশ দিৱসৰ উপলক্ষে ৷ দেৱাংগনাই পৰিবেশৰ প্ৰতি জনসচেতনতা সৃষ্টি কৰাৰ উদ্দেশ্যে ফটোখন অংকন কৰা পৰিলক্ষিত হৈছে ৷
প্ৰকাশ সামাজিক মাধ্যমত স্মৃতি হিচাপে ফটোখন প্ৰকাশ পোৱা কাকত খনৰ এটা পেপাৰ কাট শ্বেয়াৰ কৰিছে দেৱাংগনা কলিতা মাতৃ কল্পনা ডেকা কলিতাই ৷ ইয়াৰ পাচৰে পৰা ফটো ব্যাপকভাৱে ভাইৰেল হৈ পৰা দেখা গৈছে ৷ বহু লোক মন ভাৱ প্ৰকাশ কৰি শ্বেয়াৰ কৰিছে ফটোখন ৷
লগতে পঢ়ক:ৰাণী এলিজাবেথৰ বাহনৰ আৰ্হি নিৰ্মাণ কৰি চৰ্চাত এগৰাকী অধ্যক্ষ