মৰাণ, 29 মে': দেশৰ লগতে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ যাৰ বাবে আতংকিত হৈ পৰিছে ৰাজ্যবাসী ৷ ইয়াৰ মাজতে কোৱাৰেন্টাইন কেন্দ্ৰত নিৰ্ধাৰিত দিন পাৰ কৰাৰ পাছত হোম কোৱাৰেন্টাইনলৈ পঠিয়াই দিয়া হৈছে বহিঃৰাজ্যৰ পৰা অহা বহু লোকক ৷ যাৰ বাবে অধিক আতংকিত হৈছে অসমৰ বিভিন্ন জিলাৰ গ্ৰাম্যাঞ্চল বাসী ৰাইজ ৷ যাৰ পৰিপ্ৰেক্ষিতত বহিঃৰাজ্যৰ পৰা অহা একাংশ লোকক গাঁৱৰ ৰাইজে ব্যৱস্থা কৰি দিছে কোৱাৰেণ্টাইন কেন্দ্ৰ ৷
একেদৰে মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ সৰগফলাত ৰাইজে স্থাপন কৰিছে কোৱাৰেণ্টাইন কেন্দ্ৰ ৷ বহিঃৰাজ্যৰ পৰা অহা গাওঁখনৰ কেইজনমান লোকক হোম কোৱাৰেণ্টাইনৰ বাবে ঘৰলৈ পঠিয়াই দিয়াত ৰাইজে ঘৰত নাৰাখি 47 নং সৰগফলা প্ৰাথমিক বিদ্যালয়ত কোৱাৰেণ্টাইনত ৰাখিছে ৷ বৰ্তমান বিদ্যালয়খনত 4 জন লোক আছে ৷ তেওঁলোকৰ সম্পূৰ্ণ খোৱা বোৱাৰ দায়িত্ব গাওঁখনৰ কেইজনমান লোকে বহন কৰিছে বুলি জানিব পৰা গৈছে ৷ ইফালে খোৱাঙৰ বৰদলনিতো ৰাইজে স্থাপন কৰিছে এটা কোৱাৰেণ্টাইন কেন্দ্ৰ ৷ বৰদলনি প্ৰাথমিক বিদ্যালয়ত ইতিমধ্যে 3 জন লোকক ৰাইজে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰি দিছে ৷ লোক কেইজনৰ খোৱা বোৱাৰ পৰা কাপোৰৰলৈকে সম্পূৰ্ণ দায়িত্ব ৰাইজে বহন কৰিছে বুলি জনাইছে স্থানীয় লোকে ৷ ইফালে খোৱাং বৰপথাৰতো এটা কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপনৰ প্ৰস্তুতি চলিছে বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃ জুলাইলৈকে বৃদ্ধি হ'ব পাৰে লকডাউন !