ETV Bharat / state

Vigilance Raid : খোৱাঙত ঘোচ লৈ হাতে লোটে ধৰা পৰিল খণ্ড প্ৰাথমিক শিক্ষা বিষয়া - Dealing assistant of Khowang primary education block arrested

খোৱাঙত ঘোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া (Khowang Block primary education officer caught taking bribe) । উল্লেখ্য, ইয়াকে লৈ আজি চৰকাৰী বিষয়াৰ ওপৰত দুৰ্নীতিৰ বিৰুদ্ধে লোৱা এইটো দ্বিতীয়টো ব্যৱস্থা ।

Vigilance Raid
Vigilance Raid
author img

By

Published : Jul 29, 2022, 3:48 PM IST

মৰাণ, ২৯ জুলাই : দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কোৱা অসম চৰকাৰ শেহতীয়াভাৱে ৰাজ্যত দুৰ্নীতি নিবাৰণৰ ক্ষেত্ৰত বিশেষ তৎপৰ হোৱা দেখা গৈছে (Assam government zero tolerance in corruption) । শুকুৰবাৰৰ দিনটোত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই বিশেষ তৎপৰতাৰে ৰাজ্যৰ কেইবাটাও স্থানত অভিযান চলায় ।

তাৰেই অংশ হিচাবে আজি ডিব্ৰুগড় জিলাতো দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে অভিযানত নামে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই । উক্ত অভিযানতে খোৱাঙত ঘোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া (Khowang Block primary education officer caught taking bribe) । উল্লেখ্য, ইয়াকে লৈ আজি চৰকাৰী বিষয়াৰ ওপৰত দুৰ্নীতিৰ বিৰুদ্ধে লোৱা এইটো দ্বিতীয়টো ব্যৱস্থা । দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ (Vigilance and Anti Corruption) এটা দলে আজি খোৱাং খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত ঘোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পেলায় নৱজ্যোতি শৰ্মা নামৰ বিষয়াজনক ।

লগে লগে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে খোৱাং খণ্ড প্ৰাথমিক বিযয়া নৱজ্যোতি শৰ্মাক (Vigilance and Anti Corruption arrested Khowang block education officer) । উল্লেখ্য বিষয়াজন খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত ডিলিং এছিষ্টেণ্ট হিচাপে (Dealing assistant of Khowang primary education block arrested) কৰ্মৰত । অধিক তথ্যৰ বাবে দুৰ্নীতি নিবাৰক শাখাই ধৃত বিষয়াজনক কাৰ্যালয়টোৰ ভিতৰতে বৰ্তমানেও জেৰা অব্যাহত ৰাখিছে ।

উল্লেখ্য, আজিৰ দিনটোতে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই মৰিগাঁও জিলাতো অভিযান চলায় । উক্ত অভিযানত চৰকাৰী কাৰ্যালয়তে সুৰা বিপণীৰ স্বত্ত্বাধিকাৰীৰ পৰা ২০ হাজাৰ টকা ঘোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ হয় মৰিগাঁও জিলা আবকাৰী বিভাগৰ অধীক্ষক বৰষা বৰা বৰদলৈ (CM vigilance arrested Morigaon excise superintendent) ।

জানিব পৰা মতে আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈয়ে সুৰা বিপণীৰ স্বত্ত্বাধিকাৰীজনৰ পৰা ১ লাখ টকা দাবী কৰিছিল । তাৰে ২০ হাজাৰ টকা নগদ ধন তেওঁ বিষয়াগৰাকীক কাৰ্যালয়তে দিবলৈ আহে । উক্ত ধন লৈ থকা অৱস্থাতে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াৰ হাতত হাতে-লোটে ধৰা পৰে আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈ । বিষয়াগৰাকীৰ ওপৰত দুৰ্নীতি নিবাৰক শাখাই সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Jihadi arrested in Barpeta: আটকাধীন ৮ জেহাদীক গ্ৰেপ্তাৰ কৰিলে বৰপেটা আৰক্ষীয়ে

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.