ডিব্ৰুগড়, 17 নৱেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক ৰাইজৰ সৈতে বন্ধুত্বসুলভ সম্পৰ্ক স্থাপনৰ আহ্বান জনাই থকা সময়ত ডিব্ৰুগড়ৰ একাংশ আৰক্ষীৰ কাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য যে, কালী পূজাৰ বিসৰ্জনৰ সময়ত ডিব্ৰুগড়ৰ ৰাজপথত কেইজনমান যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে । ইয়াৰ পাচতে ডিব্ৰুগড়ৰ ৰাজপথত আৰক্ষীৰ বৰ্বৰতাক লৈ তীব্ৰ প্ৰতিবাদ কৰিছিল জ্যোতি নগৰৰ বিল ইণ্ডিয়া ৰোডৰ পূজা সমিতি আৰু ৰাইজে ।
জানিব পৰা অনুসৰি কালী পূজাৰ বিসৰ্জনৰ সময়ত সন্ধিয়া ডিব্ৰুগড়ৰ সদৰ থানা চাৰিআলিত আৰক্ষীয়ে জ্যোতি নগৰৰ বিল ইণ্ডিয়া ৰোডৰ পূজা কমিটিৰ কেইজনমান যুৱকক উপৰ্যুপৰি আক্ৰমণ কৰে ৰাজপথৰ ওপৰতে । হেলমেটেৰে আৰু উপৰ্যুপৰি ঘোচা মাৰি বৰ্বৰভাৱে প্ৰহাৰ কৰা ঘটনাত টিংকু ফুকন নামৰ যুৱকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ'বলগীয়া হোৱাৰ বিপৰীতে আন দুজন লোক আহত হয় ।
ঘটনাটো সংঘটিত হোৱাৰ পাচতে উক্ত স্থানত স্থানীয় আৰক্ষী উপস্থিত হৈ ঘটনা সংঘটিত কৰা চাৰিগৰাকী আৰক্ষীক উক্ত স্থানৰ পৰা আঁতৰাই লৈ যায় যদিও আহত যুৱককেইজনৰ চিকিৎসাৰ কোনোধৰণৰ ব্যৱস্থা নকৰে ।
ভুক্তভোগীসকলে স্থানীয় আৰক্ষী চকীত এজাহাৰ দিয়াৰ লগতে জিলা আৰক্ষী অধীক্ষকক লিখিতভাৱে সকলো জনাইছে যদিও বৰ্তমানলৈকে অভিযুক্ত আৰক্ষীৰ লোককেইজনৰ ওপৰত কোনোধৰণৰ বিহিত ব্যৱস্থা লোৱা নাই ডিব্ৰুগড় আৰক্ষীয়ে । সেয়ে অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে উচিত তদন্তৰ দাবীৰে ভুক্তভোগী যুৱকৰ পৰিয়ালে সংবাদমেল অনুষ্ঠিত কৰি দাবী উত্থাপন কৰিছে ।
ভুক্তভোগীসকলে সংবাদমেলত জানিবলৈ দিয়া অনুসৰি ঘটনাটো গাপ দিয়াৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াই নিৰাপত্তা দিয়াৰ চেষ্টা চলাইছে অভিযুক্ত আৰক্ষীকেইজনক । ভুক্তভোগীসকলে স্থানীয় আৰক্ষী চকীত এজাহাৰ দিছে যদিও বৰ্তমানলৈকে অভিযুক্ত আৰক্ষীকেইজনৰ ওপৰত কোনোধৰণৰ বিহিত ব্যৱস্থা লোৱা নাই ।
বৰঞ্চ গাভৰু পথাৰ আৰক্ষীয়ে ঘটনাত অভিযুক্তসকলৰ বিপৰীতে আক্ৰমণ কৰা যুৱকসকলৰ বেকগ্ৰাউণ্ড ৰেকৰ্ড উলিয়াইছো বুলি ভয় দেখুৱাৰ লগতে থানালৈ মাতি সোধপোছ কৰিয়েই দায়িত্ব সামৰিছে । ভুক্তভোগীসকলে সংবাদমেলৰ জৰিয়তে সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে ৷
লগতে পঢ়ক : 3 arrested in Chabua: আৰক্ষীৰ গাড়ী ভাঙি জালত পৰিল তিনি জুৱাৰী