ETV Bharat / state

মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ এটি পথে জ্বলাকলা খুৱাইছে ৰাইজক

author img

By

Published : Feb 6, 2021, 8:36 AM IST

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ নাদুৱা চাইডিং তিনিআলিৰ পৰা ৰহমৰীয়ালৈ যোৱা এটি পথৰ বাবে যমৰ-যাতনা ভোগ কৰিব লগাত পৰিছে অঞ্চলবাসী ৷ অঞ্চলবাসীৰ লগতে সদৌ অসম মটক ছাত্ৰ সন্থাই নাদুৱা চাইডিং তিনিআলিৰ পৰা ৰহমৰীয়ালৈ যোৱা এই পথচোৱা অতি শীঘ্ৰে মেৰামতি কৰি দিবলৈ স্থানীয় বিধায়ক তথা গড়কাপ্তানী বিভাগক দাবী জনাইছে ৷ এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰি চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা আৰু লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই চকু মুদা কুলিৰ ভাও ধৰাহে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে গঞা ৰাইজে ৷

Very poor condition of road at CM's home district
মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ এটি পথে জ্বলাকলা খুৱাইছে ৰাইজক

মৰাণ, 6 ফেব্ৰুৱাৰী : অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ এটা বিধস্ত পথ ৷ যি পথে জ্বলা কলা খুৱাইছে এতিয়া সাধাৰণ ৰাইজক ৷ নাদুৱা চাইডিং তিনিআলিৰ পৰা ৰহমৰীয়ালৈ যোৱা এই পথটিৰ বাবে এতিয়া যমৰ-যাতনা ভোগ কৰিব লগাত পৰিছে অঞ্চলবাসী ৷

গ্ৰাম্যাঞ্চলৰ সকলো পথ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দি দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰে কিন্তু পুৰণ কৰিব নোৱাৰিলে প্ৰতিশ্ৰুতি ৷ গ্ৰাম্যাঞ্চলৰ বিধস্ত পথে এতিয়াও অঞ্চলবাসীক খুৱাইছে জ্বলাকলা ৷

ৰাজ্যজুৰি পুনৰ আৰম্ভ হৈছে অসম বিধান সভাৰ নিৰ্বাচন ৷ বৈছে আকৌ প্ৰতিশ্ৰুতিৰ বন্যা ৷ বিজেপি চৰকাৰে উন্নয়নৰ বিভিন্ন শ্ল'গান দি পুনৰ ৰাইজৰ কাষ চপাৰ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে ।

শাসনাধীস্থ চৰকাৰ খনৰ কাৰ্যকাল আৰু প্ৰায় এক-দুই মাহ বাকী থকা সময়তেই, সংবাদ মাধ্যমত বৰবৰ কথা কোৱাৰ বাহিৰে গ্ৰাম্য অঞ্চলৰ উন্নয়ন সাধন কৰিব নোৱাৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈ আহিছে শাসনাধীস্থ চৰকাৰ খনৰ বিৰুদ্ধে ৷ ইয়াৰ মাজতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ এটি পথৰ কদৰ্যময় অৱস্থাৰ বাবে ৰাইজে বিশেষকৈ বাৰিষা সময়ত যমৰ যাতনা ভোগ কৰিব লগা হয় ৷

স্বাধীনতাৰ ৭৪টা বছৰ পাৰ হৈ যোৱাৰ পাছতো চাবুৱা আৰু লাহোৱাল সমষ্টিৰ অন্তৰ্গত নাদুৱা চাইডিঙ তিনিআলিৰ পৰা অকলেণ্ডলৈ যোৱা পথচোৱা আজিলৈ মেৰামতি নহ’ল ৷ যাৰ বাবে এতিয়া ৰহমৰীয়া অঞ্চলৰ ৰাইজৰ লগতে নাদুৱা গ্ৰান্টৰ ৰাইজে ক্ষুভ প্ৰকাশ কৰিছে ৷ আনকি এই ক্ষেত্ৰত ৰহমৰীয়া অঞ্চললৈ যোৱা মূল পথটি মেৰামতি কৰাত গুৰুত্ব প্ৰদান নকৰি চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা আৰু লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই চকু মুদা কুলিৰ ভাও ধৰাহে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে গঞা ৰাইজে ৷

স্থানীয় ৰাইজ তথা সদৌ অসম মটক ছাত্ৰ সন্থাই নাদুৱা চাইডিং তিনিআলিৰ পৰা ৰহমৰীয়ালৈ যোৱা এই পথচোৱা অতি শীঘ্ৰে মেৰামতি কৰি দিবলৈ স্থানীয় বিধায়ক তথা গড়কাপ্তানী বিভাগক দাবী জনাইছে ৷

লগতে পঢ়ক : জে পি নাড্ডাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব কেৰালা আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.