মৰাণ, 23 ছেপ্তেম্বৰ : ৰাজ্যত ক্ৰমাৎ সক্ৰিয় হৈ পৰিছে গাড়ী চুৰি চক্ৰ ৷ বিভিন্ন কামৰ নামত গাড়ী ভাড়ালৈ নি উধাও হয় একাংশ গাড়ী চোৰ ৷ এইবাৰ নাহৰকটীয়াৰ পৰা গাড়ী চুৰিৰ এক ঘটনা পোহৰলৈ আহিছে ৷
অভিযোগ অনুসৰি, প্ৰায় দুই-তিনিদিন পূৰ্বে নাহৰকটীয়াৰ পৰা চন্দন শৰ্মা নামৰ এগৰাকী লোকৰ পৰা AS 06-AC-8404 নম্বৰ বলেৰ' পিক আপ বাহনখন ভাড়ালৈ লৈছিল দুজন যুৱকে ৷ চন্দন শৰ্মাই অৱগত কৰা অনুসৰি, ফল ব্যৱসায়ী দুজনে টিংখাঙৰ পৰা দুলীয়াজানলৈ কল অনাৰ নামত গাড়ীখন ভাড়ালৈ লৈছিল ৷ কিছু দূৰ যোৱাৰ পাচত ব্যৱসায়ী দুজনে বাগানৰ মাজৰ এটা নিজান ৰাস্তাৰ ফালে গাড়ীখন নিবলৈ কয় চালক চন্দন শৰ্মাক ৷
কিছু দূৰ যোৱাৰ পাচত পৰিস্থিতি কিছু বিষম দেখি চালক চন্দন শৰ্মাই গাড়ীখন নিবলৈ অমান্তি হয় ৷ তেতিয়াই ঘটে এক অঘটন ৷ চালকগৰাকীক ফল ব্যৱসায়ী বুলি পৰিচয় দিয়া ব্যক্তি দুজনে বন্দুক দেখুৱাই, হাত-ভৰি বান্ধি নাগালেণ্ড সীমান্তৰ এক অঞ্চলত পেলাই থৈ যায় ৷ তাৰ পাচত দুজন যুৱকে গাড়ীখন লৈ উধাও হয় ৷
পৰৱৰ্তী সময়ত নাহৰকটীয়া আৰক্ষীয়ে বিহুবৰ আৰক্ষী আৰু নাগালেণ্ড আৰক্ষীৰ সহযোগত নাগালেণ্ডৰ পৰা বুধবাৰে উদ্ধাৰ কৰে বাহনখন ৷ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত আটক কৰিবলৈ সক্ষম হৈছে লংডিঙৰ তচি'অ নামৰ এজনক ৷ বৰ্তমান আটকাধীন যুৱকজনক নাহৰকটীয়া আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে ৷
নাহৰকটীয়া আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, এই ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ১৬২/২১, ৩৯৪ sec ২৫ (১A) The arms act ৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে ৷ আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ৷ এই ঘটনাৰ লগত অন্যান্য লোক জড়িত থকাৰ কথা প্ৰকাশ কৰিছে নাহৰকটীয়া আৰক্ষীয়ে ।
লগতে পঢ়ক: ভূমি পট্টা প্ৰদানৰ দাবীত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ