ডিব্ৰুগড়, 1 জুন : ডিব্ৰুগড়ৰ সম্প্ৰতি প্ৰতিদিনে বৃদ্ধি পাই আছে ক'ভিড ৰোগীৰ সংখ্যা । ক'ভিডৰ এনে পৰিস্থিতিৰ বাবে ডিব্ৰুগড়ত ক'ভিড প্ৰতিষেধক ল'বলৈ ৰাইজৰ মাজত হেতা-ওপৰা লাগিছে । ক'ভিড-১৯ (Covid 19) ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ পদক্ষেপ হিচাপে ইতিমধ্যে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থান আৰু কেন্দ্ৰসমূহত ক'ভিড-১৯ (Covid 19)ৰ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত আছে ।
সেই অনুসৰি মঙলবাৰে ডিব্ৰুগড়ৰ খনিয়াগাঁওস্থিত আশা অ'ল্ড এজ হোমৰ আবাসী ককা-আইতাসকলক ক'ভিড বিশেষ প্ৰতিষেধক অভিযানৰ জৰিয়তে ক'ভিড ১৯ (Covid 19)ৰ প্ৰতিষেধক প্ৰদান কৰা হয় ।
লগতে পঢ়ক : নাৰায়ণপুৰ আৰক্ষীৰ দাদাগিৰিৰ বিৰুদ্ধে ৰাজপথত সাংবাদিক