ETV Bharat / state

Swarna Assam petrol pump : স্বৰ্ণ অসম পেট্ৰ'ল পাম্পৰ আদৰণীয় পদক্ষেপ

author img

By

Published : Dec 2, 2022, 9:47 PM IST

ডিব্ৰুগড় জিলাত আছে এটা ব্যতিক্ৰমী পেট্ৰ'ল পাম্প (Unique petrol pump in Dibrugarh) । তেল ভৰাবলৈ যোৱা প্ৰতিখন বাহনৰ চালকে সন্তুষ্ট কৰ্মচাৰীৰ ব্যৱহাৰত । পাম্পটোৰ মহিলা কৰ্মচাৰীয়ে তামোল-পাণেৰে আদৰে প্ৰতিগৰাকী গ্ৰাহকক । সম্প্ৰতি চাৰিওফালে চৰ্চিত হৈ পৰিছে এই পেট্ৰ'ল পাম্পটো ।

Swarna Assam petrol pump
স্বৰ্ণ অসম পেট্ৰ'ল পাম্পৰ আদৰণীয় পদক্ষেপ

মৰাণ,২ ডিচেম্বৰ : ৰাজ্যৰ পেট্ৰ'ল পাম্পসমূহত প্ৰায়ে বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হয় । পেট্ৰ'ল পাম্প কৰ্তৃপক্ষ লগতে কৰ্মচাৰীসকলে প্ৰায়ে গ্ৰাহকক প্ৰৱঞ্চনা কৰাও দেখা যায় । আনহাতে পাম্পৰ কৰ্মচাৰীয়ে গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰা বিভিন্ন ঘটনাও দেখা যায় । কিন্তু ডিব্ৰুগড় জিলাৰ খোৱাঙৰ এটা পেট্ৰ'ল পাম্প সকলোতকৈ পৃথক ।

খোৱাঙৰ বেতনি নাহৰপুখুৰীৰ ঘাইপথৰ কাষত থকা স্বৰ্ণ অসম ফিলিং ষ্টেচন নামৰ পেট্ৰ'ল পাম্পটোৱে লৈছে এক আদৰণীয় পদক্ষেপ (Good step by a petrol pump in Moran)। যাৰ বাবে এতিয়া প্ৰতিগৰাকী গ্ৰাহকৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে স্বৰ্ণ অসম পেট্ৰ'ল পাম্পটো (Swarna Assam petrol pump)। কৰ্মচাৰীসকলৰ ব্যৱহাৰ লগতে গ্ৰাহকক আপ্যায়নৰ দৃশ্য দেখিলে আপুনিও আপ্লুত হ'ব ।

আচলতে পেট্ৰ'ল পাম্পটোত প্ৰায় ১০ গৰাকী অসমীয়া কৰ্মচাৰী আছে । তাৰ ভিতৰত ৩ গৰাকী মহিলা কৰ্মচাৰী । তেওঁলোকৰ ক্ৰমে হিমাশ্ৰী বৰুৱা, দুলুমণি ফুকন আৰু সুমন ফুকন । মহিলা কৰ্মচাৰীসকলৰ কাম কি আপুনি জানেনে ?

গ্ৰাহকৰ বাহনত তেল ভৰোৱাৰ লগতে তেওঁলোকৰ হাতত থাকে এখন তামোল-পাণৰ বঁটা । তেল ল'বলৈ অহা প্ৰতিগৰাকী গ্ৰাহককে তেওঁলোকে অসমীয়া সমাজৰ অবিচ্ছেদ্য অংগস্বৰূপে তামোল-পাণৰ বঁটাৰে আদৰণি জনায় । তেল ভৰাবলৈ গ্ৰাহক আহিলেই তেওঁলোকৰ ফালে হাতত তামোল-পাণৰ বঁটা লৈ আগবাঢ়ি যায় মহিলা কৰ্মচাৰী । চালকক এটা পানীৰ বটল আৰু এখন তামোলেৰে আপ্যায়ন কৰে মহিলা কৰ্মচাৰীয়ে ।

আনহাতে তিনিওগৰাকী মহিলা কৰ্মচাৰীয়ে শিক্ষিত (Educated young girl working at petrol pumps)। সুমন ফুকন নামৰ যুৱতী গৰাকী বৰ্তমান স্নাতকৰ ছাত্ৰী । তেওঁ মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ সমান্তৰালকৈ তাত কাম কৰি নিজৰ খৰচ উলিয়াই লয় ।

জানিব পৰা মতে পেট্ৰ'ল পাম্পটোত বহু কেইগৰাকী স্নাতক উত্তীৰ্ণ যুৱকেও কাম কৰি আছে । পেট্ৰ'ল পাম্পটোৰ স্বত্বাধিকাৰী কন্দৰ্প সাগৰ দিহিঙীয়াই জানিবলৈ দিয়া মতে প্ৰতিগৰাকী গ্ৰাহককে অতিথি বুলি বিবেচনা কৰিয়েই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । তেওঁ উল্লেখ কৰা মতে হিন্দীভাষী বা বহিঃৰাজ্যৰ লোকক সংস্থাপন দিয়াৰ পৰিৱৰ্তে অসমীয়াগিৰিৰ পৰিচয় দাঙি ধৰি তাত তেওঁ কেৱল অসমীয়া যুৱক-যুৱতীক সংস্থাপন দিছে (Unique petrol pump in Dibrugarh)। এই ব্যতিক্ৰমী পদক্ষেপৰ বাবে এতিয়া জিলাখনতে পেট্ৰ'ল পাম্পটো চৰ্চিত হৈছে । কৰ্তৃপক্ষৰ এনে পদক্ষেপক সকলোৱে প্ৰশংসাও কৰিছে ।

লগতে পঢ়ক :Asom Divas 2022 : অসমীয়া জাতিৰ পিতৃপুৰুষ চুকাফাক ৰাজ্যজুৰি স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.