ETV Bharat / state

বেতেৰে নিৰ্মাণ কৰা এখন অত্যাধুনিক বিশেষ বুলেট - শিল্পী

সুদীৰ্ঘ ২০ বছৰ ধৰি তিলক চেতিয়াই নিত্য ব্যৱহাৰ্য চকী, টেবুল, বিচনাকে আদি কৰি বিভিন্ন ধৰণৰ সৌন্দৰ্য বৰ্ধক সামগ্ৰী বাঁহ আৰু বেতেৰে নিৰ্মাণ কৰি আহিছে । তাৰোপৰি, স্ব-প্ৰতিভাৰে ম'হৰ শিঙৰ পেঁপাৰ পৰিৱৰ্তে বাঁহৰ পৰা অতি নিখুঁটভাৱে জুৰীয়া পেঁপা প্ৰস্তুত কৰিও অজস্ৰ জনৰ পৰা বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

বেতেৰে নিৰ্মাণ কৰা এখন অত্যাধুনিক বুলেট
বেতেৰে নিৰ্মাণ কৰা এখন অত্যাধুনিক বুলেট
author img

By

Published : Apr 30, 2021, 9:27 PM IST

মৰাণ,30 এপ্ৰিল: নামৰূপৰ এজন সাধাৰণ ব্যক্তিৰ অসাধাৰণ প্ৰতিভা । যিগৰাকী ব্যক্তিৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে সম্পূৰ্ণ বেতেৰে নিৰ্মিত এখন অত্যাধুনিক বুলেট আকৃতিৰ মটৰ চাইকেল । নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ মূল প্ৰৱেশ দ্বাৰৰ সমীপত বাস কৰা তিলক চেতিয়াই নিজস্ব কৌশলেৰে নিৰ্মাণ কৰি উলিয়াইছে অত্যাধুনিক বাহনখন । উল্লেখ্য যে, সুদীৰ্ঘ ২০ বছৰ ধৰি তিলক চেতিয়াই নিত্য ব্যৱহাৰ্য চকী, টেবুল, বিচনাকে আদি কৰি বিভিন্ন ধৰণৰ সৌন্দৰ্য বৰ্ধক সামগ্ৰী বাঁহ আৰু বেতেৰে নিৰ্মাণ কৰি আহিছে । তাৰোপৰি, স্ব-প্ৰতিভাৰে ম'হৰ শিঙৰ পেঁপাৰ পৰিৱৰ্তে বাঁহৰ পৰা অতি নিখুঁটভাৱে জুৰীয়া পেঁপা প্ৰস্তুত কৰিও অজস্ৰ জনৰ পৰা বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

বেতেৰে নিৰ্মাণ কৰা এখন অত্যাধুনিক বুলেট

শেহতীয়াকৈ, তিলক চেতিয়াই বেতেৰ পৰা অত্যাধুনিক বুলেট আকৃতিৰ মটৰ চাইকেল নিৰ্মাণ কৰি বিশেষ চৰ্চা লাভ কৰিছে । কিন্তু অতি পৰিতাপৰ কথা যে, বৰ্তমানেও শিল্পীগৰাকীয়ে বাঁহ আৰু বেতৰ পৰা তৈয়াৰ কৰা সামগ্ৰী বজাৰত বিক্ৰী কৰিয়েই পৰিয়ালৰ পোহপাল দি আছে । গ্ৰাহকে বিচৰা সকলো ধৰণৰ বাঁহ বেতৰ সামগ্ৰীয়ে বনাব পাৰে বুলি তেওঁ আমাক জানিবলৈ দিয়ে ।

লগতে পঢ়ক: সমকামী সম্পৰ্ক গোচৰৰ ৰায়দানৰ পূৰ্বে মনোবিজ্ঞানীৰ কাষ চাপিল ন্যায়াধীশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.