ETV Bharat / state

চাবুৱাত অজয়ৰ পৰাজয়ে দল এৰিবলৈ বাধ্য কৰিলে কংগ্ৰেছৰ বহু নেতা কৰ্মীক

বিধান সভা নিৰ্বাচনত সংগীত পৰিচালক অজয় ফুকনে চাবুৱাত প্ৰাৰ্থিত্ব লাভ কৰাকলৈ দলীয় কৰ্মী সকলৰ মাজত সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ সম্প্ৰতি, সমষ্টিটোত কংগ্ৰেছ দল অস্তিত্ব সংকটত ভুগাৰ কথা কৈ দলটোৰ তিনি শতাধিক কৰ্মীয়ে যোগদান কৰিছে অসম গণ পৰিষদ দলত (AGP)৷

author img

By

Published : Jul 25, 2021, 1:18 PM IST

unhappy-with-music-director-turn-congress-leader-ajoy-phukan-congress-party-workers-joined-agp-in-chabua
চাবুৱাত অজয়ৰ পৰাজয়ে দল এৰিবলৈ বাধ্য কৰিলে কংগ্ৰেছৰ বহু নেতা কৰ্মীক

মৰাণ, 25 জুলাই : বিগত বিধানসভা নিৰ্বাচনত সমগ্ৰ ৰাজ্যৰ লগতে চাবুৱা বিধানসভা সমষ্টিত কংগ্ৰেছ (Indian national congress)ৰ শোচনীয় পৰাজয়ৰ পিছত দলটোৰ পৰা নেতা কৰ্মীয়ে অন্যান্য দললৈ ঢাপলি মেলিছে । মাত্ৰ কেইদিনমানৰ পূৰ্বে সাত জনকৈ গুৰু দায়িত্ব বহনকাৰী কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰিছিল । শনিবাৰৰ দিনটোত সমষ্টিটোৰ তিনি শতাধিক কৰ্মীয়ে চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা (MLA Ponakon Baruah)ৰ উপস্থিতিত অসম গণ পৰিষদত (AGP) যোগদান কৰে ।

উল্লেখ্য যে, বিগত নিৰ্বাচনত দলীয় কৰ্মী সকলৰ পচন্দৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান নকৰি ন-কংগ্ৰেছী অজয় ফুকনক প্ৰাৰ্থিত্ব প্ৰদান কৰাত ক্ষুন্ন হৈছিল সমষ্টিটোৰ নেতা কৰ্মী সকল ৷ একেটা বিষয়তে কংগ্ৰেছ দল ত্যাগ কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে কৰ্মীসকলে । এতিয়া সংগীত পৰিচালক অজয় ফুকনে (Ajoy Phukan) চাবুৱাত কংগ্ৰেছ দল শূণ্য কৰা বুলিও মন্তব্য কৰিছে ৷

ইফালে, ক্ৰমাৎ ভাল দিন আহিছে অসম গম পৰিষদ(AGP) দললৈ । বহু বছৰ শাসনৰ পৰা আঁতৰত থকা অসম গণ পৰিষদে বিজেপিৰ লগত মিত্ৰতা কৰি বিগত সোনোৱাল চৰকাৰ আৰু বৰ্তমান ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Bishwa Sarma)ৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ অংশীদাৰ হৈছে । সেয়ে এতিয়া, ক্ষুব্ধ প্ৰাক্তন কংগ্ৰেছ কৰ্মী সকলে বতৰ্মানৰ চাবুৱাৰ বিধায়ক গৰাকীৰ সৈতে আগন্তুক দিনত সমষ্টিটোৰ বাবে ঐক্যবদ্ধ হৈ কাম কৰি যাব বুলি জানিবলৈ দিছে ।

শনিবাৰে, চাবুৱাৰ বহুমুখী প্ৰকল্প ভৱনত আঞ্চলিক দলটোৰ চাবুৱা বিধান পৰিষদৰ উদ্যোগত আয়োজিত এক যোগদান কাৰ্যসূচীত পানীতোলা আৰু গুইজান ব্লক কংগ্ৰেছৰ নেতা কৰ্মীসকলে দলটোত যোগদান কৰে । যোগদানকাৰী সকলৰ ভিতৰত প্ৰাক্তন ব্লক কংগ্ৰেছৰ সভাপতি, সম্পাদক, যুৱ-কংগ্ৰেছৰ সভাপতি-সম্পাদক, পঞ্চায়তৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন ৱাৰ্ড সদস্য আদিও আছে । সকলোকে অসম গণ পৰিষদৰ প্ৰাথমিক সদস্য পদ, দলীয় চিহ্নযুক্ত টুপী আৰু গলবস্ত্ৰ পিন্ধাই বিধায়ক পোনাকণ বৰুৱাই আদৰণি জনায় ।

লগতে পঢ়ক : বিজেপি গমন: বাজেট অধিৱেশন শেষ হোৱালৈ বাট চাইছে সুশান্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.