ETV Bharat / state

Ulfa leader Jiban Moran: স্ব-গৃহত উপস্থিত হ’ল আলফা নেতা জীৱন মৰাণ

সুদীৰ্ঘ কাল সংযুক্ত মুক্তি বাহিনী অসমৰ সৈতে জৰিত থকা জীৱন মৰাণ বুধবাৰে স্বগৃহত গৃহত উপস্থিত হয় (ULFA leader Jiban Moran back to home) ৷ 'নিয়া'ৰ(NIA) আদালতে জামিন মঞ্জুৰ কৰাৰ পিছত কাকপথাৰৰ উৱন গাঁওস্থিত আপোন ঘৰখনত উপস্থিত হোৱা জ্যেষ্ঠ আলফা নেতাজনক ভিন্নজনে আদৰণি জনায় ৷

author img

By

Published : Jan 13, 2022, 8:05 PM IST

Ulfa leader Jiban Moran
স্বগৃহত উপস্থিত হ’ল আলফা নেতা জীৱন মৰাণ

মৰাণ, 13 জানুৱাৰী : সুদীৰ্ঘ 38 বছৰৰ অন্তত গৃহভূমিত ভৰি থ’লে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন চমুকৈ আলফা(স্বা)ৰ আলফা স্বাধীনৰ মেজৰ জেনেৰেল, বিত্ত সচিব জীৱন অসমে (ULFA leader Jiban Moran back to home) ৷ স্বাস্থ্যজনিত কাৰণত আলফা(স্বা)ৰ পৰা অব্যাহতি লোৱাৰ পিছতে বিগত কেইবামাহো কাৰাগাৰত কটাবলগীয়া হৈছিল জীৱন অসমে ৷

সুদীৰ্ঘ 40 বছৰ কাল আলফা(স্বা)ৰ মজিয়াত থাকি স্বাধীন অসমৰ বাবে সংগ্ৰাম কৰি যোৱা জীৱন মৰাণে আলফা (স্বা) ৰ পৰা অব্যাহতি লোৱাৰ পিছত 11 জানুৱাৰীত নিজ গৃহভূমিত প্ৰৱেশ কৰে ৷ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিয়েই পোনে পোনে তিনিচুকীয়াৰ ৰূপাইস্থিত বাসগৃহত নিশা কটাই বুধবাৰে পুৱা কাকপথাৰৰ উৱন গাঁওস্থিত আপোন ঘৰখনত উপস্থিত হয় ৷

স্ব-গৃহত উপস্থিত হ’ল আলফা নেতা জীৱন মৰাণ

সুদীৰ্ঘ ৩৮ বছৰৰ পিছত নিজ গাঁওখনত উপস্থিত হোৱা জ্যেষ্ঠ আলফা নেতাগৰাকীক আদৰণিৰ লগতে গামোছাৰে সম্বৰ্ধনা জনায় বিভিন্নজনে ৷ এক দীৰ্ঘ বিৰতিৰ পিছত ঘৰৰ ল’ৰা ঘৰলৈ উভতি অহাত উৱন গাঁৱৰ ৰাইজক আৱেগিক হৈ পৰা দেখিবলৈ পোৱা গ’ল ৷ আলফা নেতাগৰাকীয়ে আলোচনা সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰাৰ লগতে শেহতীয়াকৈ কিশোৰ, ছাত্ৰ-সকলৰ আলফা গমনৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে ৷

উল্লেখ্য যে, স্বাধীন অসমৰ সপোন বুকুত বান্ধি জীৱন মৰাণে ১৯৮৪ চনতে আলফাত যোগদান কৰিছিল (Jiban Moran joins ulfa)। তেওঁ আলফাৰ বিত্ত সম্পাদক, মেজৰ জেনেৰেল আদিৰ দৰে গুৰু দায়িত্ব পালন কৰিছিল । বৰ্ষীয়ান আলফা নেতা জীৱন মৰাণ ওৰফে গুণ্ড মহাশয়ক ডিব্ৰুগড় আৰক্ষীয়ে ২০১৯ চনতে পঞ্জীভুক্ত হৈ থকা এটা গোচৰত ২০২১ চনৰ ৩০ এপ্ৰিলত গ্ৰেপ্তাৰ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ।

লগতে পঢ়ক: জামিন পালে আলফা নেতা জীৱন মৰাণে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.