ডিব্ৰুগড়,26 জুলাই: আৰক্ষী যিমানে তৎপৰ হৈছে কিন্তু সিমানে আলফা(স্বা)ৰ ধন দাবী পত্ৰ লাভ কৰিছে উজনি অসমত ইজনৰ পাচত সিজন ব্যৱসায় প্ৰতিষ্ঠানৰ মালিকে ৷ বিগত কেইদিনমানৰ পৰা উজনি অসমৰ একাংশ চাহ বাগিচাৰ কৰ্তৃপক্ষই আলফা স্বাধীনৰ ধন দাবী পত্ৰ লাভ কৰিছিল ৷ কিন্তু আলফা(স্বা)ৰ শক্তি বৃদ্ধি হোৱা নাই বা আলফাৰ নামত একাংশই ধন দাবী কৰা বা ভয়-শংকাৰ কোনো কাৰন নাই বুলি মন্তব্য কৰিছিল আৰক্ষীয়ে ৷
বিপৰীতে পোহৰলৈ আহিছে মৰাণত আলফা (স্বা)ৰ ধনদাবীৰ তথ্য ৷ এইবাৰ ডিব্ৰুগড় জিলাৰ মৰাণৰ নতুন নগৰত অৱস্থিত পূৰ্বাঞ্চল হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ গৰাকীলৈ আলফা (স্বা)নে ধন দাবী পত্ৰ প্ৰেৰণ কৰিছে ৷ আলফা(স্বা)নে ৭০ লাখ টকা দাবী কৰা পত্ৰ লাভ কৰিছে ব্যৱসায়ী শ্ৰৱণ আগৰৱালে ৷ ১৮ জুলাইত অচিনাকী নম্বৰৰ পৰা হোৱাটচআপ যোগে মেজৰ জেনেৰেল নয়ন অসমৰ স্বাক্ষৰিত ধনদাবী পত্ৰ প্ৰেৰণ কৰিছে ব্যৱসায়ীজনলৈ । তাৰ পাচতেই অজ্ঞাত নম্বৰৰ পৰা ফোন আৰু হোৱাটচআপ যোগে দাবী কৰা ধন আদায় দিবলৈ বাৰম্বাৰ ভাবুকি দিছে ব্যৱসায়ীজনক ৷
ঘটনা সন্দৰ্ভত ইতিমধ্যে ব্যৱসায়ীজনে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাচতে আৰক্ষীয়ে ব্যৱসায়ীজনৰ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত পহৰাৰ ব্যৱস্থা কৰা উপৰিও ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ সমগ্ৰ বিষয়টো সন্দৰ্ভত বৰ্তমানলৈকে আৰক্ষীয়ে কোনো তথ্য উলিয়াব পৰা নাই ৷ বিপৰীতে ধনদাবী চক্ৰই বাৰম্বাৰ ফোন আৰু হোৱাটচআপ যোগে দাবী কৰা ধন আদায় দিবলৈ সকীয়াই আছে ব্যৱসায়ীজনক ৷
দাবী কৰা ধন নিদিলে জীৱন-সম্পত্তি লৈ সংশয় নামি আহিব বুলিও ভাবুকি প্ৰদান কৰিছে সংগঠনটোৱে ৷ উল্লেখ্য ২০১৩ ত ব্যৱসায়ী শ্ৰৱণ আগৰৱালাক ১০ লাখ টকা ধন দাবী কৰিছিল আলফাই ৷ সেইবাৰো আৰক্ষীৰ সহায়ত নিৰাপত্তা লাভ কৰিছিল ব্যৱসায়ীজনে। এইবাৰ পুনৰ ধনদাবীৰ ঘটনাত শংকিত হৈ পৰিছে ব্যৱসায়ী শ্ৰৱণ আগৰৱালা ৷
২০১৩ চনত দাবী কৰা ধন নিদিয়াৰ বাবে এইবাৰ দাবী কৰা ধন শীঘ্ৰেই দিবলৈ সকীয়াই দিছে নিজকে নয়ন অসম বুলি পৰিচয় দিয়া ব্যক্তিজনে । এই ঘটনাক লৈ মৰাণৰ ব্যৱসায়ীসকল চিন্তিত হৈ পৰাৰ বিপৰীতে তৎপৰ হৈ পৰিছে মৰাণ আৰক্ষী ৷ উল্লেখযোগ্য শেহতীয়াকৈ চৰাইদেউ জিলাৰ বহু সংখ্যক চাহ বাগিচালৈ ধন দাবী পত্ৰ প্ৰেৰণ কৰিছে আলফা স্বাধীনে।
লগতে পঢ়ক:Encounter in Khowang: ডিব্ৰুগড়ত সন্দেহজনক আলফা(স্বাঃ)ৰ দুই লিংকমেন আটক; আৰক্ষীৰ গুলীত আহত এজন