ETV Bharat / state

ডিব্ৰুগড় আৰু নাজিৰাত উৰিল আলফাৰ পতাকা

author img

By

Published : Dec 10, 2019, 10:25 AM IST

Updated : Dec 10, 2019, 12:29 PM IST

আৰক্ষী থানাৰ প্ৰায় সন্মুখতে বৰবৰুৱা প্ৰাথমিক বিদ্যালয়ৰ মূল তোৰণত অজ্ঞাত লোকে উৰুৱাই গ'ল আলফাৰ উদিত সূৰ্য সম্বলিত পতাকা ৷ একেদৰে শিৱসাগৰ জিলাত 144 ধাৰা আৰোপ কৰাৰ মাজতে মঙলবাৰে নাজিৰাৰ শিমলুগুৰি গড়মূৰত পুৱা উৰিল আলফা স্বাধীনৰ অনুৰূপ পতাকা ৷

ডিব্ৰুগড়ত উৰিল আলফাৰ পতাকা
ডিব্ৰুগড়ত উৰিল আলফাৰ পতাকা

ডিব্ৰুগড়, 10 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল হৈ থকাৰ মাজতে ডিব্ৰুগড়ৰ বৰবৰুৱাত উৰিল আলফা স্বাধীনৰ পতাকা ৷ আৰক্ষী থানাৰ প্ৰায় সন্মুখতে বিদ্যালয়ৰ মূল তোৰণত উৰুৱাই গ'ল আলফাৰ উদিত সূৰ্য্য সম্বলিত পতাকাখন ৷ বৰবৰুৱা প্ৰাথমিক বিদ্যালয়ৰ মূল তোৰণতে পুৱা প্ৰত্যক্ষ কৰা হয় নিষিদ্ধ ঘোষিত বিপ্লৱী সংগঠনটোৰ পতাকা ৷
বৰবৰুৱা থানা সমীপত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা বৰবৰুৱা বজাৰৰ কাষত আছে এই বিদ্যালয়খন৷ লোকসভাত বিধেয়ক খন গৃহীত হোৱাৰ পাচতেই সোমবাৰৰ পৰা ডিব্ৰুগড়ত প্ৰতিবাদৰ মাজতে ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা অব্যাহত আছে ৷ প্ৰতিবাদৰ মাজতেই উত্তপ্ত ডিব্ৰুগড়ত এইদৰে অজ্ঞাত লোকে উৰালে আলফা স্বাধীনৰ পতাকা ৷

ডিব্ৰুগড়ত উৰিল আলফাৰ পতাকা

লগতে চাওকঃ মৰাণত কেবৰ প্ৰতিবাদত অংশ কণ্ঠশিল্পী নীল আকাশৰ

নাজিৰাঃ কেবৰ প্ৰতিবাদৰ মাজতে নাজিৰাত আলফা স্বাধীনৰ চিহ্ন সম্বলিত পতাকা ওলমালে কোনো লোকে ৷ মঙলবাৰে কেবৰ বিৰোধিতাৰে নেছ'য়ে আহ্বান জনোৱা উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সময়ছোৱাত নাজিৰাত বন্ধৰ প্ৰভাৱ সৰ্বাত্মকভাৱে পৰা দেখা যায় ৷ ইফালে প্ৰশাসনে শিৱসাগৰ জিলাত 144 ধাৰা আৰোপ কৰাৰ মাজতে মঙলবাৰে নাজিৰাৰ শিমলুগুৰি গড়মূৰত পুৱা আলফা স্বাধীনৰ অনুৰূপ পতাকাত আমি অসমৰ থলগিৰি ৰাইজৰ লগত আছো' বুলি লিখি এখন পতাকা আৰি থৈ যায়৷ উল্লেখযোগ্য যে, পতাকাখনত সন্নিবিষ্ট থকা প্ৰতীক চিহ্নটো আলফা স্বাধীনৰ যদিও পতাকাখনত সংযুক্ত মুক্তি বাহিনীৰ নাম উল্লেখ নথকাত এইয়া কোনো লোকৰ চক্ৰান্ত বুলি মত প্ৰকাশ কৰিছে স্থানীয় আৰক্ষীয়ে ৷

নাজিৰাত আলফা স্বাধীনৰ চিহ্ন সম্বলিত পতাকা ওলমালে অজ্ঞাত লোকে

লগতে চাওকঃ গৃহীত হ'ল কেব: ৰাজ্যজুৰি অব্যাহত প্ৰতিবাদৰ জোৱাৰ

Intro:ডিব্ৰুগড়ৰ বৰবৰুৱাত উৰিল আলফা স্বাধীনৰ পতাকা।আৰক্ষী থানাৰ প্ৰায় সন্মূখতে বিদ্যালয়ৰ মূল তোৰণত উৰুৱাই গ'ল আলফাৰ উদিত সূৰ্য্য সম্বলিত পতাকাখন।বৰবৰুৱা প্ৰাথমিক বিদ্যালয়ৰ মূল তোৰণতে পুৱা প্ৰতক্ষ কৰা হয় নিষিদ্ধ ঘোষিত বিপ্লৱী সংগঠনটোৰ পতাকাখন।
বৰবৰুৱা থানা প্ৰায় সন্মূখতে থকা বিদ্যালয় খনত এই দৃশ্য দেখা যায়।37 নম্বৰ
ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা
বৰবৰুৱা বজাৰৰ কাষত এই বিদ্যালয়।লোকসভাত বিধেয়ক খন গৃহিতৰ পথ প্ৰসস্ত হোৱাৰ পাছতেই
কালিৰ পৰা ডিব্ৰুগড়ত প্ৰতিবাদৰ মাজতে ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা অব্যাহত থকাৰ মাজতে উত্তপ্ত ডিব্ৰুগড়ত এইদৰে উৰিল আলফা স্বাধীনৰ পতাকাখন।Body:DoConclusion:Do
Last Updated : Dec 10, 2019, 12:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.