ETV Bharat / state

মৰাণত বুজন পৰিমাণৰ গাঞ্জাসহ আটক দুজন - অসম আৰক্ষী

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ড্ৰাগছ মুক্ত অসম গঢ়াৰ কথা কোৱাৰ পাচতেই ৰাজ্যৰ পৰা ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰাৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী (Assam Police) ৷ যাৰ বাবে প্ৰতিদিনে আৰক্ষী (Police)ৰ জালত পৰিছে ড্ৰাগছ, নিচাজাতীয় সামগ্ৰীৰ লগতে সৰবৰাহকাৰী (Drugs Smuggler) ৷

মৰাণত বুজন পৰিমাণৰ গাঞ্জাসহ আটক দুই
মৰাণত বুজন পৰিমাণৰ গাঞ্জাসহ আটক দুই
author img

By

Published : Jul 10, 2021, 2:14 PM IST

মৰাণ, 10 জুলাই : মৰাণৰ খুমটাইত শুকুৰবাৰে আৰক্ষীয়ে বুজন পৰিমাণৰ গাঞ্জাসহ দুজন যুৱকক আটক কৰে ৷ চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত খুমটাই থমচন তিনিআলিত মৰাণহাট আৰক্ষীয়ে (Moranhat Police) কাকতিবাৰী আৰক্ষীৰ সহযোগত গাঞ্জাসহ আটক কৰে যুৱক দুজনক । আৰক্ষীয়ে আটক কৰা যুৱক দুজন ক্ৰমে কাকতিবাৰী আৰক্ষী থানাৰ (kaktibari Police Station) অন্তৰ্গত দেওঘৰীয়া গাঁৱৰ অশোক দাস (২১) আৰু গণেশ দাস (২৪) বুলি জানিব পৰা হৈছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।

মৰাণত বুজন পৰিমাণৰ গাঞ্জাসহ আটক দুই
মৰাণত বুজন পৰিমাণৰ গাঞ্জাসহ আটক দুই

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ড্ৰাগছ মুক্ত অসম গঢ়াৰ কথা কোৱাৰ পাচতেই ৰাজ্যৰ পৰা ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰাৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী (Assam Police) ৷ যাৰ বাবে প্ৰতিদিনে আৰক্ষী (Police)ৰ কবলত পৰিছে ড্ৰাগছ, নিচাজাতীয় সামগ্ৰীৰ লগতে সৰবৰাহকাৰী (Drugs Smuggler) ৷ ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ডিব্ৰুগড় চহৰৰ লক্ষ্মী নগৰ অঞ্চলৰ পৰা আৰক্ষীয়ে ড্ৰাগছসহ এজন যুৱকক আটক কৰে ।

ডিব্ৰুগড় চহৰৰ মিলন নগৰ আৰক্ষী চকীৰ এটা অভিযানকাৰী দলে গোপন সূত্ৰৰ পম খেদি নিশা ড্ৰাগছসহ আটক কৰে উৎপল বৈৰী নামৰ এজন যুৱকজনক ।

আৰক্ষীয়ে চহৰখনৰ দুই নং লক্ষ্মী নগৰৰ পৰা আটক কৰে নিষিদ্ধ ড্ৰাগছ সহ উৎপল বৈৰীক । উৎপল বৈৰীৰ পৰা আৰক্ষীয়ে প্ৰায় 13 গ্ৰাম ড্ৰাগছ আৰু কণ্টেইনাৰ(drugs container) জব্দ কৰে । জানিব পৰা মতে, দীৰ্ঘদিন ধৰি উৎপল বৈৰী জড়িত আছিল এই ড্ৰাগছৰ সৰবৰাহ (drug peddling)ৰ কাৰ্যত। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : পাঠাক লৈ আৰক্ষীৰ চৰজমিন তদন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.