মৰাণ,13 মে’ : ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাতো ভয়াৱহ হাৰত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ বুধবাৰে ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত 43 গৰাকী লোকৰ দেহত পোৱা গৈছে কৰ’ণাৰ অৱস্থিতি ৷
আক্ৰান্ত সকলৰ ভিতৰত খোৱাং স্বাস্থ্য কেন্দ্ৰৰ 33 গৰাকী, চৰাইদেউ জিলাৰ 6 গৰাকী, নাহৰণি ব্লকৰ 3 গৰাকী আৰু এগৰাকী বৰবৰুৱা ব্লকৰ নিৱাসী বুলি জানিব পৰা গৈছে ৷ বৰ্তমানলৈকে খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চলত মুঠ 950 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছে । ইয়াৰ লগতে খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চলত দুগৰাকী কৰ’ণাত আক্ৰান্ত ৰোগীয়ে মৃত্যুক সাৱটি লৈছে ৷
আনহাতে, বৃহত্তৰ মৰাণত বৰ্তমানলৈকে মুঠ 11 গৰাকী লোকৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে । ইফালে চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত অঞ্চলত বুধবাৰৰ দিনটোত 8 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি ।
পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চলত মুঠ 192 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছে । চিকিৎসকসকলে জানিবলৈ দিয়া মতে, আক্ৰান্ত সকলৰ সৰহসংখ্যকক হোম আইচ’লেশ্যনত ৰখা হৈছে । দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত সম্প্ৰতি মুঠ 1,142 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছে ।
লগতে পঢ়ক : শিৱসাগৰত বৃক্ষ ৰোপনেৰে হোমেন বৰগোহাঞিলৈ শেষ শ্ৰদ্ধাঞ্জলি