ETV Bharat / state

ডিব্ৰুগড়ত গঁড়ৰ খৰ্গ, হাতীৰ দাঁতৰ সৰবৰাহ - গঁড়ৰ খৰ্গ সৰবৰাহ

অপৰাধৰ ঘাটিত পৰিণত ডিব্ৰুগড় চহৰ । চহৰখনৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত কিছু দিনৰ পৰা নিষিদ্ধ ড্ৰাগছ, গাঞ্জা প্ৰচুৰ মাত্ৰাত জব্দ হৈ থকাৰ পাছত এইবাৰ ডিব্ৰুগড় চহৰৰ মাজ মজিয়াত গঁড়ৰ খৰ্গ, হাতীৰ দাঁতৰ বেহা।

Two arrested in dibrugarh including rhino horn, ivory, heroin
গঁড়ৰ খৰ্গ, হাতীৰ দাঁত,হেৰ'ইন সহ দুজনক আটক
author img

By

Published : Jul 2, 2021, 10:27 AM IST

ডিব্ৰুগড় , 2 জুলাই : কৰ’ণাসৃষ্ট এই জটিল পৰিৱেশৰ মাজতো অব্যাহত আছে ড্ৰাগছ, গাঞ্জাৰ দৰে নিচাজাতীয় দ্ৰব্যৰ অবৈধ বেহা ৷ সেয়ে এই অবৈধ বেহা নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰক্ষী প্ৰশাসনে ৷ অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে অসম আৰক্ষী (Assam Police)ৰ অভিযান, বিশেষকৈ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে শেহতীয়াকৈ যথেষ্ট কঠোৰ হৈছে অসম আৰক্ষী (Assam Police) । নিষিদ্ধ ড্ৰাগছৰ উপৰিও গাঞ্জা, সুৰা আদিৰ বিৰুদ্ধে বিভিন্ন জিলাত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

অপৰাধৰ ঘাটিত পৰিণত হৈছে ডিব্ৰুগড় চহৰ । চহৰখনৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত কিছু দিনৰ পৰা নিষিদ্ধ ড্ৰাগছ, গাঞ্জা প্ৰচুৰ মাত্ৰাত জব্দ হৈ থকাৰ পাছত এইবাৰ ডিব্ৰুগড় চহৰৰ মাজ মজিয়াত গঁড়ৰ খৰ্গ (Rhino horn), হাতীৰ দাঁতৰ (elephant teeth) বেহা অব্যাহত আছে । ডিব্ৰুগড় আৰক্ষী (Dibrugarh Police) য়ে চহৰ খনৰ পাঁচ আলিৰ পৰা এটা গড়ৰ খৰ্গ, হাতীদাঁত সহ মেৰাজ খান, আনিছ খান নামৰ দুই ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে ।

খৰ্গ, হাতীৰ দাঁত,হেৰ'ইন সহ দুজনক আটক

উল্লেখ্য যে, ধৃত মেৰাজ খানৰ জিম্মাৰ পৰা 19 গ্ৰাম ড্ৰাগছ সহ 1 লাখ 30 হাজাৰ পাঁচশ টকা দুটা মোবাইল হেণ্ডছেটো জব্দ কৰিছে আৰক্ষীয়ে ।

পাঁচ আলিৰ মিৰাজ খানৰ ঘৰত অভিযান চলাই ঘৰৰ ওপৰৰ মহলাত এটা পানীৰ টেংকীৰ ভিতৰত প্লাষ্টিকৰ বেগেৰে মেৰিয়াই লুকুৱাই থোৱা অৱস্থাত এটা গড়ৰ খৰ্গ আৰু হাতীৰ দাঁত উদ্ধাৰ কৰাৰ লগতে ঘৰৰ ভিতৰৰ পৰা হেৰ'ইনসহ নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । গোপন সূত্ৰৰ পম খেদি ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেটাং মিশ্ৰাৰ নেতৃত্বত সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীব শইকীয়া, নগৰ পৰিৰ্দশক অৰ্জুন সিংসহ এক বিশাল বাহিনীয়ে চহৰ খনৰ পাঁচ আলিৰ পৰা এটা গড়ৰ খড়গ, হাতী দাঁত সহ মেৰাজ খান নামৰ ব্যক্তিক গ্ৰেপ্তাৰ কৰে ।

এই সমূহ নিষিদ্ধ মূল্যৱান সামগ্ৰী জব্দ কৰে ডিব্ৰুগড় আৰক্ষীয়ে (Dibrugarh Police)। বৃহস্পতিবাৰে নিশা চলোৱা অভিযানত এই সমূহ মূল্যৱান সামগ্ৰী আৰু নিষিদ্ধ হেৰ'ইন জব্দ হয় । উল্লেখ যে, ডিব্ৰুগড়ত ড্ৰাগছ গাঞ্জা বৃহৎ পৰিমাণত বহু বছৰ ধৰি মজুত থকাৰ লগতে সৰবৰাহৰ নিশ্চিত তথ্য প্ৰায় সকলোৰে জ্ঞাত আছিল যদিও এইবাৰ এইদৰে গঁড়ৰ খৰ্গ, হাতীৰ দাঁত উদ্ধাৰে আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক:ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.