মৰাণ, 17 মে': জাতীয় শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু বাৰ্ষিকী উপলক্ষে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ উদ্যোগত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱত আজি অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠান (Tributes to Parag Kumar Das) । বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁয়ে আঁত ধৰা অনুষ্ঠানত সভাপতি তথা জ্যেষ্ঠ সাংবাদিক মনজিত বৰা, জ্যেষ্ঠ সাংবাদিক বিভাস দুৱৰা, সাংবাদিক হিৰণ্য কুমাৰ বৰা, সাংবাদিক ঋষেশ্বৰ বৰুৱা, ভিডিঅ জাৰ্নেলিষ্ট ইফটিকাৰ হুছেইন, পল্লৱ বৰুৱাৰ লগতে বহুকেইগৰাকী সংবাদকৰ্মী উপস্থিত থাকি শ্বহীদ সাংবাদিক গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
১৯৯৬ চনৰ ১৭ মে'ত গুৱাহাটীত হত্যাৰ বলি হোৱা ঘটনাৰ ২৭ টা বছৰ অতিক্ৰম কৰাৰ পিছতো সাংবাদিকজনৰ হত্যাকাৰীক শাস্তি প্ৰদানৰ ক্ষেত্ৰত বিফল হৈ আহিছে চৰকাৰ । ইফালে ৰাজ্যত বৰ্তমানলৈকে বহুকেইগৰাকী সাংবাদিকৰ হত্যা হৈছে যদিও আজিলৈকে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।
পৰাগ কুমাৰ দাসৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি ড৹ হিমন্তবিশ্ব শৰ্মা চৰকাৰক নিদৰ্শন দাঙি ধৰিবলৈ আহ্বান জনালে জ্যেষ্ঠ সাংবাদিক তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি মনজিত বৰাই । ইফালে, বিভিন্ন সময়ত সাংবাদিকসকলৰ ওপৰত অত্যাচাৰ, নিগ্ৰহ হৈ আহিছে । সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনালে জ্যেষ্ঠ সাংবাদিক বিভাস দুৱৰাই ।
খোৱাঙৰ পৰা ডিকমলৈকে সাংবাদিকসকলক লৈ গঠিত সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱে প্ৰতি বছৰে সাংবাদিক গৰাকীৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰি আহিছে ।