টিংখাং,1 জানুৱাৰীঃ বছৰৰ প্ৰথম দিনটোতো ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ বিতৰ্কিত আইনখন বাতিলৰ দাবীৰে চলা আন্দোলনত পাঁচজনকৈ যুৱকে প্ৰাণ হেৰুৱাইছিল ৷ এই আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধা জনাবৰ বাবে বুধবাৰে টিংখাঙৰ ন-শ্ৰীপুৰীয়াত আয়োজন কৰা হয় শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ ৷ কেবাটাও স্থানীয় দল-সংগঠনৰ লগতে ৰাইজে ৰাজহুৱাকৈ বন্তি প্ৰজ্বলন কৰে শ্বহীদসকলৰ স্মৃতিত ৷ লগতে শ্রদ্ধাঞ্জলিস্থলীত অংকন কৰে অসমৰ মানচিত্ৰ ৷
গোলাঘাটঃ সমান্তৰালকৈ গোলাঘাটতো বুধবাৰে আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ । চি এ এ বিৰোধী আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গোলাঘাট জিলা ছাত্র সন্থাই । ছাত্র সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখৰ শ্বহীদ স্তম্ভত বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ । উক্ত অনুষ্ঠানত বিশিষ্ট নাগৰিক দীনেশ গগৈ,সাংবাদিক দ্বীপেন দত্ত,শিক্ষাবিদ তিলেশ্বৰ তামুলীকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷
ডিব্ৰুগড়ঃ বছৰৰ পহিলা দিনটোত একে ছবি দেখা গ’ল ডিব্ৰুগড়ত ৷ ডিব্ৰুগড় আছুৰ আহ্বানমৰ্মে একত্ৰিত হৈ শ্বহীদসকলক স্মৰণ কৰে স্থানীয় ৰাইজে ৷ বৰপথাৰ আটাছু,টাইপা আৰু যুৱ সমাজৰ উদ্যোগত কুমাৰণীচিগা তিনিআলিত বন্তি প্ৰজ্বলনৰে শ্বহীদসকলক স্মৰণ কৰা হয় ৷ অমৃত ৰণী গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকে সমাজকৰ্মী সোণাৰাম গগৈ,যতীন কোঁৱৰ,প্ৰমোদ গগৈ,ভদ্ৰা গগৈ আৰু নিখিল গগৈকে ধৰি বহুজন ৷
লগতে চাওকঃনলবাৰীত উত্তপ্ত পৰিস্থিতি, কলা পতাকা প্ৰদৰ্শন মুখ্যমন্ত্ৰীক