ETV Bharat / state

Tragic history of a school: ৮ ছেপ্টেম্বৰ দিনটো আহিলেই চকুলো ওলাই ডিব্ৰুগড়ৰ এখন বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 7:22 PM IST

এটা অভিশপ্ত দিনৰ স্মৃতি সোঁৱৰণ কৰি আজিও চকুলো ওলাই ডিব্ৰুগড়ৰ এখন বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ ৷ ১৯৮৮ চনৰ ৮ ছেপ্টেম্বৰত ঘগৰাজানৰ নাও দুৰ্ঘটনাত ১১ জনকৈ ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৱে আজি ৩৫ বছৰ অতিক্ৰম কৰিলে ৷ কিন্তু আজি পৰ্যন্ত সংৰক্ষণ নহ’ল স্মৃতি সৌধ ৷

Tragic history of a school
Tragic history of a school
৮ ছেপ্টেম্বৰ দিনটো আহিলেই চকুলো ওলাই ডিব্ৰুগড়ৰ এখন বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ

ডিব্ৰুগড়, ৮ ছেপ্টেম্বৰ: ৮ ছেপ্টেম্বৰৰ দিনটো ডিব্ৰুগড়বাসীৰ বাবে এক অভিশপ্ত দিন ৷ কিয়নো ১৯৮৮ চনৰ ৮ ছেপ্টেম্বৰত অৰ্থাৎ আজিৰ দিনটোতে জিলাখনৰ জকাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১১জন ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ অহাৰ সময়ত অকালতে প্ৰাণ হেৰুৱাব লগা হৈছিল ।

ডিব্ৰুগড়ৰ জকাইৰ ঘগৰাজান নৈত এক নাও দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লৈছিল জকাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১১ জনকৈ ছাত্ৰ-ছাত্ৰীয়ে । বিদ্যালয়লৈ বুলি টুলুঙা নাৱেৰে যাতায়ত কৰাৰ সময়তে ঘগৰাজান নৈৰ কোবাল সোঁতে উটুৱাই নিছিল ৩০ জনকৈ ছাত্ৰ-ছাত্ৰীক ।

স্থানীয় লোকৰ তৎপৰতাত ইয়াৰে ১৯ জন শিক্ষাৰ্থীৰ প্ৰাণ ৰক্ষা পৰাৰ বিপৰীতে মৃত্যু হয় ১১ জনৰ । সমগ্ৰ ৰাজ্যবাসীক শোকস্তব্ধ কৰা এই ঘটনাৰ সোঁৱৰণত নিৰ্মাণ কৰা হৈছিল স্মৃতি সৌধ । বিদ্যালয়ৰ চৌহদত জকাই আঞ্চলিক ছাত্র সন্থাই নিৰ্মাণ কৰা স্মৃতি সৌধত প্ৰতি বছৰে উদযাপন কৰি অহা হৈছে স্মৃতি দিৱস ।

সেই সময়ত তদানীন্তন ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত নিৰ্মাণ কৰা স্মৃতি সৌধটোৱে এতিয়া জৰাজীৰ্ণ ৰূপ লৈছে । স্মৃতি সৌধৰ চৌহদৰ পৰিৱেশো এতিয়া কদৰ্যময় হৈ পৰিছে ।

ইফালে, শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা পৰিয়ালৰ লোকেও ক্ষোভ উজাৰিলে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে । লগতে পৰিয়ালৰ লোকে চৰকাৰক স্মৃতি সৌধটো সংৰক্ষণ কৰিবলৈ আহ্বান জনায় ।

আনহাতে সেই সময়ত ঘটনাটো নিজ চকুৰে প্ৰত্যক্ষ কৰাৰ লগতে কেইবাজনো ছাত্ৰ-ছাত্ৰীক জীৱন্তে উদ্ধাৰ কৰা অৱসৰপ্ৰাপ্ত শিক্ষক সমীৰণ দাসে অভিশপ্ত ঘটনাৰ স্মৃতি সোঁৱৰণ কৰি কয় যে ঘগৰাজানত দলং নিৰ্মাণ কৰা হ’ল যদিও শিক্ষাৰ্থীসকলৰ স্মৃতিত স্থাপন নকৰিলে ফলক । ইয়াক চূড়ান্তভাৱে অৱজ্ঞা কৰা বুলিও অভিযোগ কৰিছে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে ।

উল্লেখযোগ্য যে সেই ঘটনাত মৃত্যু হোৱা ১০জন ছাত্ৰৰ একেলগে ৰাইজে চিতা জ্বলাইছিল । কিন্তু এগৰাকী ছাত্ৰী মৃত্যুৰ কেইটামান দিনৰ পাছতহে উদ্ধাৰ হৈছিল । সেই অভিশপ্ত ঘটনাটোক স্মৰণ কৰি আজিও অঞ্চলটোৰ ৰাইজ আৰু বিদ্যালয় কৰ্তৃপক্ষ আৱেগিক হৈ উঠে ।

লগতে পঢ়ক: Zubeen Garg: INDIA-ভাৰত বিতৰ্ক: নাম সলনি কৰি থকাটো অদৰকাৰী কাম; জুবিন গাৰ্গ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.