ETV Bharat / state

Trade fair : ৰাজগড় চাহ বাগিচাত অনুষ্ঠিত বাণিজ্য ও প্ৰদৰ্শনী মেলা

author img

By

Published : Dec 23, 2022, 2:11 PM IST

অসম চৰকাৰৰ উদ্যোগত, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহযোগত ডিব্ৰুগড় জিলাৰ টিংখাং ৰাজগড় চাহ বাগিচা খেলপথাৰত অহা ২৬ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ এখন 'বিক্ৰী ও প্ৰদৰ্শনী মেলা' অনুষ্ঠিত হ'ব (Trade fair in Dibrugarh)৷

Trade fair will held at Tingkhong by Assam govt
ৰাজগড় চাহ বাগিচাত অনুষ্ঠিত বাণিজ্য ও প্ৰদৰ্শনী মেলা

মৰাণ, 23 ডিচেম্বৰ: অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ, অসম চৰকাৰৰ উদ্যোগত, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহযোগত ডিব্ৰুগড় জিলাৰ টিংখাং ৰাজগড় চাহ বাগিচা খেলপথাৰত অহা ২৬ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ এখন 'বিক্ৰী ও প্ৰদৰ্শনী মেলা' অনুষ্ঠিত হ'ব (Trade fair in Dibrugarh)৷ ডিব্ৰুগড়, শিৱসাগৰ, ধেমাজি আৰু চৰাইদেউ জিলাক সাঙুৰি এই বাণিজ্য মেলা অনুষ্ঠিত কৰা হ’ব ৷

এই বাণিজ্য মেলাত প্ৰদৰ্শনী অথবা বিক্ৰীৰ লগতে উদ্যোগী নিবনুৱা আৰু নৱ-প্ৰজন্মৰ যুৱক-যুৱতীসকলক উদ্যোগ আৰু বাণিজ্য ক্ষেত্ৰখনৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ আলোচনা চক্ৰ আৰু কৰ্মশালা অনুষ্ঠিত কৰা হ’ব (Assam govt organise trade fair)৷

এই চৰিদিনীয়া কাৰ্যসূচীত অসমৰ প্ৰায় 3 হাজাৰ উদ্যমী যুৱক-যুৱতীক সাঙুৰি বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা আলোচনা চক্ৰ (seminar) অনুষ্ঠিত হ'ব (workshop held at trade fair)৷ এই আলোচনা চক্ৰত মৌ পালন, বাঁহৰ সামগ্ৰী, পশুপালন, ক্ষুদ্ৰ উদ্যোগ আদি বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ৷ আনহাতে উক্ত বাণিজ্য মেলাৰ লগত সংগতি ৰাখি "ৰাজগড় গ্ৰন্থ আৰু সাহিত্য উৎসৱ ২০২২" আৰু " শ্ৰী শ্ৰী কৃষ্ণৰ মহাৰাস " অনুষ্ঠিত কৰিছে ৷ বৃহস্পতিবাৰে সন্ধিয়া উক্ত বৰ্ণাঢ্য কাৰ্যসূচীৰ বুজ লয় অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী বিমল বৰাই ৷ মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি উদ্যোগীসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰিলে যথেষ্ট উপকৃত হ’ব পাৰিব ৷

এই সভাত ডিব্ৰুগড় জিলা উপায়ুক্ত শ্ৰীযুত বিশ্বজিৎ পেগু, বিদ্যালয় পৰিদৰ্শক দীপিকা চৌধুৰী, টিংখাং ৰাজহ চক্ৰ বিষয়া, উন্নয়ন খণ্ড বিষয়াৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল‌ উপস্থিত থাকে ৷

লগতে পঢ়ক: Eviction at Batadrava: চৰকাৰৰ নিৰ্মমতাৰ বিৰুদ্ধে আন্দোলনত নমাৰ হুংকাৰ আমছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.