মৰাণ, 23মে’: ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উ-পস্বাস্থ্য কেন্দ্ৰত দেওবাৰৰ দিনটোতে ৫৯ গৰাকী লোকৰ দেহত ক'ভিড-19 পজিটিভ পোৱা গৈছে । তাৰে খোৱাং স্বাস্থ্য কেন্দ্ৰৰ ৪৩ গৰাকী, ২ গৰাকী চৰাদেউৰ নিৱাসী ।
খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চলত দেওবাৰৰ দিনটোলৈ মুঠ ১৫৭৩ গৰাকীলৈ ক'ভিড ৰোগী বৃদ্ধি পায় । উক্ত ক'ভিড আক্ৰান্ত সকলৰ ২ জনক মৰাণ নৱোদয় বিদ্যালয় ক'ভিড কেয়াৰ চেণ্টাৰত ৰখা হৈছে, বাকীসকলক হ’ম আইছলেশ্যনত ৰখা হৈছে ।
একেদৰে চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত দেওবাৰে ১৪ গৰাকী লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে । পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সৰ্বমুঠ ৪০০ গৰাকী লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে ।
চিকিৎসক সকলে জানিবলৈ দিয়া মতে, আক্ৰান্ত প্ৰায় সকলকে হোম আইছলেশ্যনত ৰখা হৈছে । দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ ১৯৭৩ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । বৰ্তমানলৈকে বৃহত্তৰ মৰাণ অঞ্চলত ১৯ গৰাকী লোক ক’ভিড-19ত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ।
লগতে পঢ়কঃ দলগাঁৱত সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে আমছুৱে