ETV Bharat / state

মৰাণত দ্ৰুতহাৰত ক'ভিড আক্ৰান্ত বৃদ্ধি - covid-19

খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ৮৪ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি পোৱা গৈছে ৷ সমান্তৰালভাৱে চেপন চাহ বাগিচাত ২৬ গৰাকী, মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত এলেকাত ১৯ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি পোৱা গৈছে ৷

24 ঘন্টাত মৰাণত শতাধিক হাৰত ক'ভিড আক্ৰান্ত সংখ্যা বৃদ্ধি

author img

By

Published : May 18, 2021, 12:22 PM IST

মৰাণ,18 মে': ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত 24 ঘণ্টাত ৮৪ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি পোৱা যায় ৷ ইয়াৰে খোৱাং স্বাস্থ্যকেন্দ্ৰত ৭৭ গৰাকী, ৩ জন চৰাইদেউৰ, ৪ জন নাহৰণি ব্লকৰ বুলি সদৰী কৰিছে স্বাস্থ্য বিভাগে ৷ বৰ্তমানলৈকে খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মুঠ ১,২৫০ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি পোৱা গৈছে ৷

সোমবাৰৰ দিনটোত চেপন চাহ বাগিচাত ২৬ গৰাকীৰ দেহত কৰ'ণাৰ উপস্থিতি পোৱাৰ পাচতে বাগিচাখনত এক আতংকই বিৰাজ কৰে ৷ আক্ৰান্তসকলৰ ভিতৰত 6 গৰাকীক জকাইৰ ক'ভিড কেয়াৰ চেণ্টাৰত, ৯ গৰাকীক লেঙেৰী ক'ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰাৰ লগতে বাকীসকলক হোম আইচ'লেছনত ৰখা হৈছে ।

ইফালে, চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বতামৰাৰ নিবাসী তথা প্ৰথমগৰাকী বৰবায়ন নগেন দত্ত (৯০) কৰ'ণাত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ঘটে । মৰাণত বৰ্তমান সময়লৈ ১৬ জন লোকৰ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু ঘটে ।

মাহমৰাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত ১৯ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি পোৱা গৈছে ৷ ইয়াৰে ১৩ গৰাকী ডোমৰদলং চাহ বাগিচাৰ শ্ৰমিক আৰু তেওঁলোকক চাহ বাগিচাৰ আইছ’লেছনত কেম্পত ৰখা হৈছে ৷ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ২৯৬ গৰাকী লোকৰ দেহত ক'ভিডৰ উপস্থিতি পোৱা গৈছে ৷

উল্লেখ্য যে, ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ ১,৫৪৬ জন লোক ক'ভিডত আক্ৰান্ত হৈছে ।

লগতে পঢ়ক: শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হৈ পৰিব আন্তঃজিলা যাতায়ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.