টিংখাং, 4 ফেব্ৰুৱাৰী : টিংখাঙৰ জঘন্য ধৰ্ষণ-হত্যাকাণ্ড ঘটনাৰ তিনি সপ্তাহ অতিক্ৰম হোৱাৰ পাছতো হত্যাকাৰীৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে টিংখাং আৰক্ষী । ভোগালী বিহুৰ উৰুকাৰ আগদিনা নিশা টিংখাঙত সংঘটিত হৈছিল এক জঘন্য ধৰ্ষণ আৰু নৃশংস হত্যাকাণ্ডৰ ঘটনা । কোনো দুষ্কৃতিকাৰীৰ নৃশংসতাৰ বলি হব লগীয়া হৈছিল এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী আৰু এগৰাকী ৫৯ বছৰীয়া মহিলা । নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ মৃতদেহ উলংগ অৱস্থাত পথাৰৰ মাজত উদ্ধাৰ হোৱাৰ বিপৰীতে মহিলাগৰাকীৰ মৃতদেহ ঘৰৰ ভিতৰতে উদ্ধাৰ হৈছিল ।
টিংখাঙৰ ১ নং নগাবাটত সংঘটিত হৈছিল এই জঘন্য ঘটনা । ঘটনা সংঘটিত হোৱাৰ আজি তিনি সপ্তাহ উকলি যোৱাৰ পিছতো গ্ৰেপ্তাৰ হোৱা নাই হত্যাকাৰী ।
এতিয়া এই ঘটনাৰ চিবিআই তদন্ত দাবী কৰি হত্যাকাৰীক গ্ৰেপ্তাৰ আৰু ফাঁচীৰ দাবী তুলিছে সদৌ অসম আদিবাসী ছাত্র সন্থাই । সদৌ অসম আদিবাসী ছাত্র সন্থা টিংখাং আঞ্চলিক সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে টিংখাঙৰ ৰাজগড়ত চাৰি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি শীঘ্ৰে ঘটনাৰ চিবিআইৰ তদন্ত ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক: অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা চূড়ান্তঃ লুৰীণজ্যোতি গগৈ